পৰৱৰ্তী মুখ্য ন্যায়াধীশ : বৰ্তমানৰ মুখ্য ন্যায়াধীশেও প্ৰস্তাৱ কৰিলে ৰঞ্জন গগৈৰ নাম

পৰৱৰ্তী মুখ্য ন্যায়াধীশ : বৰ্তমানৰ মুখ্য ন্যায়াধীশেও প্ৰস্তাৱ কৰিলে ৰঞ্জন গগৈৰ নাম

ভাৰতৰ ন্যায়িক ক্ষেত্ৰখনৰ অন্যতম শক্তিশালী ব্যক্তিত্ব, ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে ৷ স্বয়ং বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই উত্তৰসুৰী হিচাপে বিচাৰিছে অসমৰ সু-সন্তানগৰাকীক ৷

প্ৰচলিত নিয়ম অনুসৰি, দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অৱসৰ লোৱাৰ ৩০ দিন পূৰ্বে পৰৱৰ্তী মুখ্য ন্যায়াধীশগৰাকীৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে ৷ উল্লেখ্য, বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অহা ২ অক্টোবৰত অৱসৰ ল'ব ৷

সেয়ে, পৰম্পৰা ৰক্ষা কৰি বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ উত্তৰসুৰীৰূপে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ নাম প্ৰস্তাৱ কৰিছে ৷
এতিয়া কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে মুখ্য ন্যায়াধীশৰ প্ৰস্তাৱ প্ৰধান মন্ত্ৰীৰ ওচৰত দাখিল কৰিব ৷

পৰৱৰ্তী মুখ্য ন্যায়াধীশ : বৰ্তমানৰ মুখ্য ন্যায়াধীশেও প্ৰস্তাৱ কৰিলে ৰঞ্জন গগৈৰ নাম

তাৰ পিছতে প্ৰধান মন্ত্ৰীৰে আলোচনাৰ ভিত্তিত পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তি নিশ্চিত কৰিব ৰাষ্ট্ৰপতিয়ে ৷ বৰ্তমানৰ মুখ্য ন্যায়াধীশে প্ৰস্তাৱ কৰাৰ লগে লগেই ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথ অধিক প্ৰশস্ত হৈ পৰিল ৷

সকলো ঠিকে-ঠাকে আগবাঢ়িলে অহা ৩ অক্টোবৰত শপত ল'ব লাগিব অসম সন্তানগৰাকীয়ে ৷

উল্লেখ্য যে ভাৰতবৰ্ষৰ এগৰাকী অতি আপোচবিহীন, নিকা আৰু কঠোৰ বিচাৰক হিচাপে সুখ্যাতি আৰ্জিছে ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ আনকি যোৱা জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ ভিতৰচ'ৰাত চলি থকা অৰাজকতাৰ বিষয়ে সংবাদমেল পাতি ৰাজহুৱা বক্তব্য আগবঢ়োৱা চাৰিগৰাকী ন্যায়াধীশৰ অন্যতম আছিল ৰঞ্জন গগৈ ৷

উক্ত সংবাদমেলখনে তীব্ৰ খলকনি তুলিছিল সমগ্ৰ দেশতে ৷

Your Comments