বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
নামনি অসমৰ অন্যতম বাণিজ্যিক চহৰ হৈছে বৰপেটাৰোড ৷ ব্যস্ত চহৰখনৰ বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত শেহতীয়াভাৱে কাৰ্য্যবাহী বিষয়া সান্ত্বনা বৰাই ( এ চি এছ ) বিশেষ পদক্ষেপ গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হৈছে ৷ তাৰ অন্যতম এটা সফল কাম হৈছে - বৰপেটাৰোড পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মুখত থকা পৰ্বত আকাৰৰ জাবৰৰ দ'মটো স্থানান্তৰ কৰা ৷ যিটো জাবৰৰ দ'মে গোটেই চহৰখনৰ সৌন্দৰ্য হ্ৰাস কৰাৰ লগতে এক পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰি চহৰখনৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত পৌৰ বোৰ্ডখনে ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ তাৰ পিছতো তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে ৷ তেওঁলোকৰ কাৰ্য্যকাল যোৱা এপ্ৰিল মাহত শেষ হোৱাৰ পিছতে পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া হিচাপে একক দায়িত্ব লয় অসম অসামৰিক সেৱাৰ বিষয়া সান্ত্বনা বৰাই ৷ যি বৰ্তমান বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছে ৷ তেওঁ এককভাৱে দায়িত্ব লোৱাৰ পিছতে বৰপেটাৰোড পৌৰসভাৰ সন্মুখত থকা টিলাসদৃশ জাবৰৰ দ'মটো স্থানান্তৰিত কৰাৰ লগতে আন কিছু উন্নয়নৰ দিশতো কাম কৰিবলৈ আৰম্ভ কৰিছে ৷ সেয়ে বিষয়াগৰাকীৰ এই কাৰ্য্যক উৎসাহ জনোৱাৰ লগতে তেওঁ যাতে চহৰখনৰ উন্নয়নৰ বাবে আৰু অধিক কাম কৰিব পাৰে,তাৰ বাবে সোমবাৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস আৰু সম্পাদক কুলেন চৌধুৰীৰ নেতৃত্বত যোৱা এটা দলে তেওঁক সম্বৰ্ধনা জনায়৷ সঁজাতী দলটোৱে চহৰখনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে চহৰখনৰ গঠনমূলক কামত বৰপেটাৰোড সাহিত্য সভাই সদায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
- Log in to post comments
- 23 views