বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
বৰপেটা জিলাৰ সৰভোগৰ অন্যতম বেচৰকাৰী সংস্থা ’এডু কালচাৰেল পইন্ট 'ৰ উদ্যোগত আৰু এবাকাছৰ সহযোগত " The Human Calculator- Session :1'' শীৰ্ষক শিশুসকলৰ বাবে অংকৰ এক বিশেষ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ৷ কৰ্মশালাখনিত শিক্ষাবিদ জিয়াউৰ ইছলাম, সাংবাদিক জয়ন্ত কুমাৰ দাস, অনুষ্ঠানটোৰ অধ্যক্ষ সম্পদ দাস আৰু যুৱ নেতা বিপুল দাসে অতিথি হিচাবে উপস্থিত থাকি শিশু সকলৰ মনস্তাত্বিক দিশ, শিক্ষা, আৰু বৰ্তমান সময়ত হোৱা শিক্ষাৰ ক্ৰমবিকাশৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ কৰ্মশালাখনিত সমল ব্যক্তি হিচাবে বক্তব্য আগবঢ়ায় সঞ্জীৱ বৈশ্যই অংক সহজতে কেনেকৈ কৰিব পাৰি তাৰ কৌশলৰ বক্তব্য প্ৰদান কৰে ৷ তেখেতক সহযোগ কৰে সঞ্চালক বিমান দাস, নয়নমনি নাথ, জুনু তালুকদাৰ আৰু জিলমিল ডেকাই ৷ বৰনগৰ অঞ্চলৰ প্ৰায় ৩০ জন শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ শেষত অংকৰ বিষয়ত এক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ উক্ত প্ৰতিযোগিতাত সৰভোগৰ মাহিদ ইছলাম নামৰ শিশুগৰাকীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
- Log in to post comments
- 18 views