*বৈদিক নিয়মৰে মুখাগ্নি কৰিলে সাংবাদিক মজিবুৰ ৰহমানে*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১২অক্টোবৰঃ
নিজৰ বুলিবলৈ সকলো থাকিও আশ্ৰয়হীন হৈ পৰা বঙাইগাওঁৰ এগৰাকী বৃদ্ধা মাতৃয়ে অবশেষত ১০ অক্টোবৰত মৃত্যুৰে হাৰ মানিলে। বঙাইগাঁৱৰ বইটাামাৰী অঞ্চলৰ কমলেশ্বৰ ৰাজবংশী আৰু তিলোত্তমা ৰায়ৰ দুই কন্যাৰে এখন সুখৰ সংসাৰ আছিল । স্বামীৰ মৃত্যুৰ পিছত বিবাহিতা দুই কন্যাই বৃদ্ধা মাতৃক এলাগী কৰিলে । আশী উৰ্ধৰ বৃদ্ধা তিলোত্তমা ৰায়ে নিজৰ দেহৰে একো কৰিব নোৱাৰা হোৱাত দুই কন্যাই এলাগী কৰিলে । যোৱা আঢ়ৈ বছৰ ধৰি বৃদ্ধাগৰাকীক নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয় আৰু ভৰণ-পোষণৰ দায়িত্ব বহন কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে ।
যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে বৃদ্ধাগৰাকীৰ সকলো আলপৈচান ধৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে । বিগত সময়ছোৱাত বৃদ্ধাগৰাকীৰ দুই কন্যাৰ সৈতে যোগাযোগ কৰাত বৃদ্ধাৰ কন্যাদ্বয়ে মাতৃক চমজি নলয় বুলি জনায় । লকডাউনৰ সময়ছোৱাতো বৃদ্ধাৰ পৰিয়ালৰ স'তে সাংবাদিক ৰহমানে যোগাযোগ কৰিও ব্যৰ্থ হয় । ইফালে যোৱা কুৰি দিন ধৰি বৃদ্ধা মাতৃগৰাকীৰ স্বাস্থ্যৰ অবস্থা অধিক সংকটজনক হৈ পৰাত হৈ পৰাত দুই কন্যাৰ স'তে সাংবাদিক ৰহমানে পুনৰ যোগাযোগ কৰি মাতৃক এবাৰ চাবলৈ অনুৰোধ জনাইছিল যদিও পৰিয়ালটোৰ কোনো এগৰাকী সদস্যই শেষবাৰৰ বাবে চাবলৈ নাহিল । ইফালে নাম কৈ কৈ অৱশেষত দেওবাৰে পুৱাৰ ভাগত বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে । নিজৰ পৰিয়াল,আত্মীয়ৰ দ্বাৰা এলাগী হোৱা বৃদ্ধাগৰাকীক পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । বৈদিক নিয়মেৰে বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে ।
- Log in to post comments
- 15 views