পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফৰচান আলী আহমেদৰ মৃত্যু

নলবাৰী

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

নলবাৰী জিলাৰ পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফৰচান আলি আহমেদ(৭৪)ৰ দেওবাৰে বিয়লি বৰগাছাৰ নিজা বাসভৱনত মৃত্যু হয়৷শতবৰ্ষ অতিক্ৰমা বিদ্যালয়খনত এসময়ত কাৰ্য্যলয় সহায়ক হিচাবে কৰ্মজীৱনৰ পাতনি মেলা আহমেদে পৰৱৰ্তী সময়ত  সহঃশিক্ষক হৈ বিদ্যালয়খনৰ এজন দায়িত্বশীল শিক্ষকৰ কৰ্তব্য পালন কৰিছিল৷ইয়াৰ পিচতে তেওঁ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷অৱসৰৰ পিচত তেওঁ পশ্চিম বড়িগোগ মৌজাৰ 'দা আসাম একাডেমী'ৰ অধ্যক্ষ হিচাপেও কৰ্তব্য পালন কৰি শাৰিৰীক অসুস্থতাৰ বাবে অব্যাহতি লয়৷জীৱিত কালত তেওঁ অঞ্চলটোৰ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল৷মৃত্যুৰ সময়ত তেওঁ পত্নী পাঁঁচগৰাকী পুত্ৰ,চাৰিগৰাকী বোৱাৰীসহ বহুতো আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

Your Comments