কামৰূপৰ ঐতিহাসিক বংশৰ ভৃঙ্গেশ্বৰ দেৱালয়ৰ বিগ্ৰহ চুৰি 

Suwalkusi

মৃণাল ডেকা,শুৱালকুছিৰ প্ৰতিবেদক,১১ অক্টোবৰ:

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ ভাঙাৰা পাহাৰত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী ভৃঙ্গেশ্বৰ দেৱালয়ত নিশা চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কৃষিগ্ৰাম হিচাপে খ্যাত বংশৰ ভাঙাৰা পাহাৰৰ দাঁতিত অৱস্থিত  ঐতিহাসিক শ্ৰীশ্ৰী ভৃঙ্গেশ্বৰ দেৱালয়ত নিশা চোৰে দেৱালয়খনৰ মুখ্য দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰায় ৫০০ বছৰীয়া পুৰণি অষ্ট ধাতুৰে নিৰ্মিত দুটাকৈ  বিগ্ৰহ চুৰি কৰি লৈ যায় । জানিব পৰা মতে, আহোম ৰজা  শিৱসিংহই প্ৰতিষ্ঠা কৰা দেৱালয়খনৰ অতি মূল্যৱান ধাতুৰে নিৰ্মিত আছিল বিগ্ৰহ দুটা।

Sw

আনহাতে,দেৱালয়খনৰ মূল কাৰ্য্যালয়ৰো তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগতে গডৰেজ ভাঙি দেৱালয়খনৰ বহু মূল্যৱান নথিপত্ৰ আৰু কিছু মূল্যৱান সামগ্ৰী চোৰে লুট কৰি লৈ যায়।ইফালে খবৰ পোৱা মাত্ৰকে শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান উলিয়াব পৰা নাই।

 

Your Comments