হাজোৰ পৰা কমলাকান্ত দাস:
আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাথোঁঁ কেইমাহমান বাকী থকাৰ সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাজো সমষ্টিতো ৰাজনৈতিক দলবোৰে নিজ নিজ দলৰ সাংগঠনিক ভেটি মজবুত কৰাত উঠিপৰি লাগিছে।এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিৰোধী দল কংগ্ৰেছো।ইতিমধ্যে সমষ্টিটোৰ প্ৰতিখন মণ্ডল কংগ্ৰেছ কমিটীয়ে বিজেপিক প্ৰতিৰোধ কৰিবলৈ সভা-সমিতিৰ জড়িয়তে দলৰ ভেটি শক্তিশালী কৰাত উঠিপৰি লাগিছে।সেই উদ্দেশ্যৰে দেওবাৰে দিনৰ বাৰ বজাত ছহিদ খগেন ভৰালী মণ্ডল কংগ্ৰেছৰ উদ্যোগত ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰত এখন কৰ্মী সভা অনুষ্ঠিত কৰা হয়।যুৱ কংগ্ৰেছ নেতা অজিত ঠাকুৰীয়াই আঁঁত ধৰা সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ কাকতিয়ে।সভাত কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক,কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা,জ্যেষ্ঠ কংগ্ৰেছী নুৰ মহম্মদ,হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলী,যুৱ নেতা তথা অধিবক্তা মৃদুল মালাকাৰ,বিশিষ্ট সাংবাদিক খগেন কলিতা উপস্থিত থাকি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে দলৰ সাংগাঠনিক ভেটি মজবুত কৰাত গুৰুত্ব দিয়ে।সভাত প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে।
- Log in to post comments
- 6 views