আল্লিয়াত ছাত্র সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন:কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

আছু

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১১ অক্টোবৰঃ

সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ দেওবাৰে কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ মূখ্য কাৰ্য্যালয় পশ্চিম বনভাগ আল্লিয়া হাইস্কুলত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসে।আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে আঁত ধৰা সভাখনত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশী আৰু সাংগঠনিক সম্পাদক মিলন দাস উপস্থিত থাকি আছুৰ সাংগঠনিক দিশ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।সভাত কেইটামান গুৰুত্বপূৰ্ণ প্রস্তাৱ গ্রহণ কৰা হয়।

Aasu

সেই অনুুুসৰি অহা ১৫ অক্টোবৰ,বৃহস্পতিবাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ প্রতিবাদত আল্লিয়াৰ চ'কত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্রী ফনীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰিব আঞ্চলিক ছাত্র সন্থাই। লগতে আঞ্চলিক ছাত্র সন্থাৰ অধিবেশনৰ দিন আজিৰ সভাতে  স্থিৰ কৰা হয়।অহা ১৫ নৱেম্বৰ তাৰিখে আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ নৱম বাৰ্ষিক অধিৱেশনখন আল্লিয়া শাখা ছাত্র সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হ'ব আৰু সেই অধিৱেশনতে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱা হ'ব বুলি আজিৰ সভাত সিদ্ধান্ত গ্রহণ কৰে।আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ আল্লিয়া অধিৱেনত অঞ্চলটোৰ সকলো ছাত্র-ছাত্রী,শিক্ষাগুৰু,সমাজকৰ্মীৰ লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসে।

Your Comments