ৰঙিয়াত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৯ লক্ষাধিক টকা

ৰঙিয়া

ৰঙিয়াৰ প্ৰতিবেদক:

হেকাৰৰ শেনচকু ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টৰ ওপৰত। পুনৰ হেকাৰৰ কৱলত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক। এসপ্তাহত ভাৰতীয় ষ্টেট বেংকৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউণ্ট হেক কৰি লুটি নিলে ধন। একাউণ্টৰ পৰা টকা হৰলুকী হোৱাৰ আঁৰত বেংকৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ভুক্তভোগী গ্ৰাহকৰ।ৰঙিয়াৰ মুৰাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকাই কন্যাৰ বিয়াৰ বাবে সাঁচি ৰখা ধন হৰলুকি। টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী। এসপ্তাহৰ ভিতৰত ৯ লাখ ১৩ হাজাৰ টকা লুটি নিলে লোকজনৰ একাউণ্টৰ পৰা। ১৭ বাৰকৈ উলিওৱা হৈছিল গ্ৰাহকজনৰ ধন।কন্যাৰ বিয়াৰ বাবে জমা থোৱা ধনখিনি হৰলুকি হোৱাত হিয়া ধাকুৰি কান্দিছে পৰিয়ালটোৱে। এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষ আৰু ৰঙিয়া আৰক্ষীক ভুক্তভোগী গ্ৰাহকে দাখিল কৰিছে অভিযোগ।

Your Comments