কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত কৃষক বিৰোধী আইন জাপি দিয়াৰ প্ৰতিবাদত দেশজুৰি অব্যাহত আছে প্ৰৱল প্ৰতিবাদ। ইয়াৰ মাজতে ১১ অক্টোবৰত কলিয়াবৰত কংগ্ৰেছ দলে পালন কৰে প্ৰৱল প্ৰতিবাদ। কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছে পৃথকে পৃথকে কলিয়াবৰ তিনিআলি আৰু মিছাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অসম প্ৰদেশ কিষান কোষৰ অধ্যক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ নেতৃত্বত ৰূপায়ণণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰদীপ বৰুৱা,ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা,শৈলেস দাস,তপন কুমাৰ বৰা,মেঘনাথ ছেত্ৰীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 10 views