ঘগ্ৰাপাৰত বিজেপি চৰকাৰৰ কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা

Congress protest

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ উদ‍্যোগত ১০ অক্টোবৰত বিজেপি চৰকাৰৰ কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ (ঘগ্ৰাপাৰ ৰাজীৱ ভৱনৰ )পৰা ৩১নং ঘাইপথ হৈ ঘগ্ৰাপাৰ ৰেল ষ্টেচন পথৰে গৈ ঘগ্ৰাপাৰ ডাকবঙলাত সামৰণি পৰে।প্ৰতিবাদকাৰীসকলে হাতে হাতে নাঙল,মৈ,কোৰ,জাপি আদি কৃষি সঁঁজুলি লৈ 
কৃষক নিধি ক'লা আইন বাতিল কৰক,কৃষকৰ
ওপৰত মাধমাৰ নচলিব,বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,অসম চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্লোগান দি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে।নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক লুটফুৰ ৰহমান,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা,নলবাৰী জিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ          অধ্যক্ষ উদ্দীপন পাটোৱাৰী,বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ওচমান আলীৰ তত্বাৱধানত ৰূপায়ণ কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচীত দলীয় নেতা-কৰ্মীৰ লগতে ইয়ং ব্ৰিগেড আৰু যুৱ কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে।

Your Comments