*ডিচেম্বৰত চৰাইবাহীত অনুষ্ঠিত হ'ব জাতীয় অভিবৰ্তন*
*নাথ যোগী সাহিত্য,কৃষ্টি,সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ*
#মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা নাথ যোগী জনগোষ্ঠীয় লোকসকল দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰৰ পিছতো ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আৰ্থ-সামাজিক ক্ষেত্ৰলৈ সকলোতে নিষ্পেষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে। যাৰ বাবে অতি প্ৰাচীন ঐতিহ্যপূৰ্ণ নাথ যোগী জনগোষ্ঠীয় লোকসকলৰ নিজৰ সাহিত্য,কৃষ্টি, সংস্কৃতি,আৰ্থ-সামাজিক আদি ক্ষেত্ৰসমূহ উন্নয়ন আৰু বিকাশত বহু দৃৰ পিচপৰি থাকিব লগীয়া হৈ আছে ।সেয়ে প্ৰাচীন ঐতিহ্যপূৰ্ণ নাথ যোগী জনগোষ্ঠীয় লোকসকলৰ উন্নয়ন আৰু বিকাশত চৰকাৰক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে সদৌ মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ ১১ অক্টোবৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত সন্মিলনৰ সভাপতি লক্ষ্যজ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত সদৌ মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ কাৰ্যনিৰ্বাহ সভাই জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । সন্মিলনৰ প্ৰধান সম্পাদক জিতুমনি নাথে আঁত ধৰা সভাখনত নাথ যোগী জনগোষ্ঠীয় সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে প্ৰাচীন ঐতিহ্যপূৰ্ণ নাথ যোগী জনগোষ্ঠীয় স্বকীয়তা ৰক্ষাৰ বাবে ডিচেম্বৰ মাহত চৰাইবাহীত এখন জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰা,জনগোষ্ঠীটোলৈ সেৱা আগবঢ়াই যোৱা এশ জন প্ৰয়াত মহান ব্যক্তিৰ কৰ্মজীৱনক আধাৰ হিচাপে লৈ এখন জীৱনপঞ্জী প্ৰকাশ কৰা,লুপ্ত পাবলৈ ধৰা জনগোষ্ঠীটোৰ নিজা নৃত্য গীত সমূহ পুনৰ উদ্ধাৰ কৰাকে আদি কৰি ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত সন্মিলনৰ উপদেষ্টা গদাধৰ নাথ,ভাৰত চন্দ্ৰ নাথ,জগদীশ নাথ,কল্পতৰু চৌধুৰী,উপ-সভাপতি বলেন চন্দ্ৰ বৰুৱা,মৃণাল কুমাৰ নাথ,পুতুল নাথকে আদি কৰি কেইবাজনো বক্তাই সন্মিলনৰ সাংগঠনিক আৰু কাৰ্যপন্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ইয়াৰ জৰিয়তে নাথ যোগী জনগোষ্ঠীয় সাহিত্য সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত এটা অধ্যায়ৰ সূচনা হ'ব বুলি ধাৰণা কৰা হৈছে।
- Log in to post comments
- 21 views