*কেন্দ্ৰীয় চৰকাৰে মানসিক স্বাস্থ্যৰ বাজেট বৃদ্ধি কৰক*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১০ অক্টোবৰঃ
"আজি পৃথিৱীত প্ৰতিবছৰে ৮ লাখ মানুহে আত্মহত্যা কৰে,৪০ লাখ মানুহে আত্মহত্যাৰ চেষ্টা চলায় ৷ ভাৰতবৰ্ষত এই সংখ্যাৰ অনুপাত কম নহয় ৷ তেনে ক্ষেত্ৰত দেশৰ চিকিৎসা বাজেটৰ মাত্ৰ ১ শতাংশৰে দেশবাসীৰ মানসিক সুস্থতাৰ প্ৰসংগ অতি অস্বাভাৱিক ৷ গতিকে,কেন্দ্ৰীয় চৰকাৰে এই প্ৰসংগত ইতিবাচক পদক্ষেপ গ্ৰহন কৰা উচিত।" নলবাৰীত শনিবাৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সভাত এই মন্তব্য প্ৰদান কৰে মনোৰোগ বিশেষজ্ঞ ডা° নিপুল মহন্তই ৷
বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ)ৰ লগত সংগতি ৰাখি নলবাৰীৰ শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আজি এখন সজাগতা সভাৰ লগতে বিষয় সাপেক্ষ এখন চুটি ছবি উন্মোচন আৰু প্ৰদৰ্শনেৰে দিৱসটো পালন কৰা হয় ৷ মনোৰোগ বিশেষজ্ঞ ডা° নিপুল মহন্তই আঁঁত ধৰা সভাত সভপতিত্ব কৰে ভাৰপ্ৰাপ্ত অধীক্ষক ডা° ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। মানসিক ৰোগ,ইয়াৰ বাবে প্ৰয়োজনীয় সজাগতা,চিকিৎসা সম্পৰ্কে তথ্যসম্বলিত বক্তৃতা প্ৰদান কৰে ডা° কৈলাশ ডেকা,আৰু ডা° দিপ্তীৰানী চৌধুৰী আৰু ডা° দিলীপ শইকীয়াই ৷ ব্যৱহাৰিক মনোবিদ সংগীতা দাস,মনোৰোগ সমাজসেৱিকা মমী শৰ্মা, জ্যোৎস্নাৰানী পাঠক আদিয়ে অংশগ্ৰহণ কৰা সভাত ক’ৰ'না কালত মানসিক ৰোগ বিষয়ক “আকৌ নতুন প্ৰভাত” শীৰ্ষক ছবিখনৰ কাহিনী,চিত্ৰনাট্যকাৰ আৰু পৰিচালক মুকুল ঈদিপাছ, সামগ্ৰিক পৰিকল্পক উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়াক সম্বৰ্ধনা জনোৱা হয় ৷ সভাৰ সামৰণি-পৰ্বত প্ৰদৰ্শন কৰা চুটি ছবিখন উন্মোচন কৰে ডা° কৈলাশ ডেকাই ৷
- Log in to post comments
- 9 views