দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১০ অক্টোবৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ঘোহকুছি গাৱৰ ৰফিক আলী আৰু জয়তুন বেগমৰ জ্যেষ্ঠ পুত্ৰ পিংকু আলী(৩২) যোৱা ৭ অক্টোবৰৰ নিশা মৃত্যু ঘটে । জানিব পৰা মতে কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ অন্ধপ্ৰদেশৰ এটা কোম্পানীত তিনি বছৰ ধৰি কৰ্মৰত আছিল । ৮ অক্টোবৰত উক্ত কোম্পানীৰ কৰ্মচাৰী এজনে ঘৰলৈ ফোন কৰি জনায় যে পিংকু আলীক চাৰিজন ল'ৰাই হত্যা কৰি কোম্পানীৰ শোৱা কোঠাত ওলোমাই থৈ যায়। পৰিয়ালৰ লোকে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত কৰ্মচাৰীজনে জনায় যে পিংকুৰ নতুন মোবাাইল ফোন এটা সেই ল'ৰাকেইজনে চুৰি কৰিছিল আৰু সমগ্ৰ চুৰিৰ ঘটনাটো যেতিয়া পিংকুই গম পালে তেতিয়া মোবাইল বা মোবাইলটোৰ মূল্য বিচাৰিছিল । পিংকুক মোবাইলটোৰ মূল্য ঘুৰাই দিম বুলি মাতি নি মাৰ-ধৰ কৰি পিংকুক হত্যা কৰি শোৱনি কোঠাত পিংকুৰ মৃতদেহ ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে । মৃত্যুৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ হৈ পিংকুৰ সৰু ভায়েকে স্থানীয় প্ৰশাসন আৰু কোম্পানী কৃৰ্ত্তপক্ষক ঘটনাটো জনোৱাৰ পিছতো কোনো ধৰনৰ গুৰুত্ব নিদি কোম্পানীটোৰ মেনেজাৰে ওলোটা ধমকিহে দিয়ে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ।
- Log in to post comments
- 12 views