*জেললৈ গ'ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসসহ তিনিজন*
#বঙাইগাঁৱৰ প্ৰতিবেদক,৯ অক্টোবৰঃ
ধন লৈ এটিএম হেকাৰক এৰি দিয়াৰ অভিযোগত এইবাৰ জেললৈ যাবলগীয়া হ'ল বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসৰ লগতে কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী বাহিনীৰ জোৱান চাহাবুদ্দিন ৷ এই ঘটনাই ইতিমধ্যে আৰক্ষী বিভাগক লজ্জাৱনত কৰাৰ লগতে ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ লগতে কনিষ্টবল আৰু গৃহৰক্ষী বাহিনীৰ জোৱানজনক বঙাইগাঁও জিলা আৰক্ষীয়ে যোৱা নিশা আটক কৰি বঙাইগাঁও থানালৈ আনে আৰু জেৰা কৰে ৷ জেৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসৰ লগতে কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱানজনে এটিএম হেকাৰৰ পৰা ধন লৈ হেকাৰকেইজনক যাবলৈ দিয়া বিষয়টো পোহৰলৈ আহে ৷
ইপিনে,ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা ত্ৰিছ ছেপ্টেম্বৰত আৰক্ষীয়ে এক তথ্য লাভ কৰিছিল যে কেইজনমান এটিএম হেকাৰে এখন গাড়ী লৈ বৰপেটাৰ ফালৰ পৰা বঙাইগাঁওলৈ আহি আছে ৷ এই তথ্য লাভ কৰাৰ পিচতে বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে বহুৱা নাকা চেকিঙত চাৰিজন এটিএম হেকাৰ ধৰা পৰিছিল ৷ কিন্তু আৰক্ষীৰ হাতত ধৰা পৰা এই এটিএম হেকাৰ চাৰিজনক পিচত গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসৰ লগতে কনিষ্টবল জমিৰ আলী আৰু প্ৰাক্তন গৃহৰক্ষী জোৱান চাহাবুদ্দিনে মিলি ধনৰ বিনিময়ত এৰি দিয়ে ৷ পিচত এই ঘটনা সন্দৰ্ভত বিভাগীয়ভাৱে এটা তদন্ত কৰা হয় আৰু তদন্তত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে তিনিওজনে ধন লৈ এটিএম হেকাৰ চাৰিজনক এৰি দিয়াতো প্ৰমাণ হয় ৷ এই ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাস , কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী বাহিনীৰ জোৱান চাহাবুদ্দিনৰ বিৰুদ্ধে আৰক্ষী বিভাগে নিজাববীয়াকৈ মাণিকপুৰ থানাত ৩৯০/ ২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তিনিওজনকে গ্ৰেপ্তাৰ কৰা বুলিও প্ৰকাশ কৰে।উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা গৃহৰক্ষী জোৱান চাহাবুদ্দিনক যোৱা দুমাহ মান পূৰ্বে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷
গতিকে,গৃহৰক্ষী জোৱানজনক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পিচতো কি কাৰণত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গেৰুকাবাৰী আৰক্ষী চকীত ৰাখিছিল সেয়াহে প্ৰশ্নৰ বিষয় ৷ ইপিনে গ্ৰেপ্তাৰ হোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাস, কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱান চাহাবুদ্দিনক আৰক্ষীয়ে আবেলিৰ ভাগত বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ মনকৰিবলগীয়া যে যি সময়ত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাই সমিতিয়ে কেৱল দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিৰ শ্লোগান আওৰাই ফুৰিছে সেই সময়তে তেওঁৰে দায়িত্বত থকা গৃহ বিভাগত এছ আই কেলেংকাৰী , অপৰাধীৰ পৰা ধন লৈ অপৰাধীক এৰি দিয়া , বিভিন্ন চিণ্ডিকেটত আৰক্ষী বিষয়াৰ নাম সাঙোৰ খোৱা, আৰক্ষীয়ে বিভিন্নজনৰ পৰা উৎকোচ লৈ ধৰা পৰা আদি ঘটনা সংঘটিত হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সভাত আৰক্ষী বিভাগক প্ৰশংসা কৰি আহিছে যদিও সেই সময়তে অসম আৰক্ষীৰ একাংশ বিষয়াৰ কৰ্ম- কাণ্ডই এতিয়া গৃহ বিভাগৰো দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগটোক লজ্জাৱনত কৰিছে ৷ জনসাধাৰণক নিৰাপত্তা দিয়াৰ সলনি এতিয়া আৰক্ষীয়ে মিতিৰালি কৰিছে অপৰাধীৰ সৈতেহে ৷ গতিকে অসম আৰক্ষীক জনসাধাৰণে আস্থাত ল'ব নে বুলিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷
- Log in to post comments
- 20 views