বৰপেটাৰোডত ভাষা আন্দোলনৰ ছহিদ অনিল বৰা আৰু মোজাম্মিল হকৰ স্মৃতিচাৰণ সভা

অনিল-মোজাম্মিল

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড:

ঐতিহাসিক অসমীয়া মাধ্যম আন্দোলনত ১৯৭২ চনৰ ৬ আৰু ৭ অক্টোবৰত ছহিদ হৈছিল
মঙলদৈৰ হাইস্কুলীয়া ছাত্ৰ মোজাম্মিল হক আৰু নগাঁৱৰ অনিল বৰা ৷

এই দুয়োগৰাকী মহান ছহিদৰ স্মৃতিত উক্ত চনতে বৰপেটাৰোডত সেই সময়ৰ কেইজনমান উদ্যোগী যুৱকৰ প্ৰচেষ্টাত গঠন কৰা হৈছিল 'অনিল-মোজাম্মিল স্মৃতি সংঘ'৷ 

যোৱা ৭ অক্টোবৰ বুধবাৰে সন্ধিয়া অনিল-মোজাম্মিল স্মৃতি সংঘৰ উদ্যোগত দুয়োগৰাকী ছহিদৰ পৱিত্ৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

 বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে ছহিদ দুগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

সাংবাদিক জয়ন্ত কুমাৰ দাসে আঁত ধৰা স্মৃতিচাৰণ সভাখনত অধ্যাপক ডঃ হেমন্ত ডেকা,অধ্যাপক ৰূপনজিৎ দাস,নিবন্ধকাৰ জাহিদুল ইছলাম মিৰ্ধা,বৰপেটাৰোড আছুৰ সাধাৰণ সম্পাদক অৰ্ণৱজ্যোতি শৰ্মা,কবি ধনজিৎ দাসে বক্তব্য প্ৰদান কৰি অসমীয়া ভাষাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আটাইকে অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷

সভাখনত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে অসমত চৰকাৰী ভাষা আইনখনি এতিয়াও প্ৰকৃতাৰ্থত প্ৰয়োগ ৰাজ্য চৰকাৰে নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ৰূপায়ণৰ দাবী তোলে ৷

সভাপতিৰ ভাষণত অৰূপ কুমাৰ বায়নে ভাষা আন্দোলনৰ ইতিহাস দাঙি ধৰি কয় যে বৰপেটাৰোডৰ পৰাই আৰম্ভ হৈছিল ভাষা আন্দোলন।এই আন্দোলনৰ লগত আত্মিক সম্পৰ্ক থকাৰ বাবেই অনিল বৰা আৰু মোজাম্মিল হকৰ মৃত্যুৰ কিছু দিন পিছতে গঠন কৰা হৈছিল অনিল-মোজাম্মিল স্মৃতি সংঘ।অনিল মোজাম্মিল স্মৃতি সংঘই শ্বহীদ দুগৰাকীৰ স্মৃতিত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে তেওঁ ধন্যবাদ জনায় ।

 

Your Comments