বৰ্ণি হাইস্কুলৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক ৰফিকুৰ ৰহমানৰ বিয়োগ

Hajo News

হাজোৰ পৰা কমলাকান্ত দাস,৭ অক্টোবৰ:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্ণি হাইস্কুলৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক ৰফিকুৰ ৰহমান(৫৫)ৰ বুধবাৰে পুৱা আজাৰাৰ নিজা বাসভৱনত মৃত্যু হয়।হাজোৰ বৰ্ণিত শৈশৱ অতিবাহিত কৰা ৰফিকুৰ ৰহমান এগৰাকী সৰবৰহী শিক্ষক আছিল । প্ৰয়াত ৰহমানে অসম আন্দোলনৰ সময়ত সবল ভুমিকা লৈছিল । তেওঁ হাজো অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো ওতঃপ্ৰোত ভাবে জড়িত আছিল। সমাজ সেৱক তথা শিক্ষকতাৰ পৱিত্ৰ পদত অধিষ্ঠিত ৰফিকুৰ ৰহমান এজন সকলোৰে প্ৰিয় শিক্ষক আছিল।বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগতো জড়িত আছিল। বিদায় বেলাত তেওঁৰ পত্নী, দুগৰাকী কন্যা সন্তানক ইহ-সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত বৰ্ণি হাই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল গণি খান চৌধুৰী, প্ৰধান শিক্ষয়িত্ৰী মমতাজৱাৰা বেগম আৰু তেওঁৰ সহকৰ্মীসকলে শোক প্ৰকাশ কৰে আৰু সমবেদনা জ্ঞাপন কৰে।

Your Comments