#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৭ অক্টোবৰঃ
ভাৰতীয় জনতা পাৰ্টী,নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল সমিতিৰ(ঘগ্ৰাপাৰ )১৯ নং চটাইবাৰী পঞ্চায়তৰ ১৬ নং ভেলামাৰী বুথ সমিতিৰ উদ্যোগত আৰু ১৯ নং পঞ্চায়তৰ সভাপতি দিপুল পাটোৱাৰীৰ সভাপতিত্বত এখন দলীয় সাংগঠনিক সভা অনুুুষ্ঠিত কৰা হয়।নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা , নলবাৰী জিলা সাধাৰণ সম্পাদক পদ্মা ৰামচিয়াৰী , মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা , মণ্ডল সাধাৰণ সম্পাদক বিজয় বৰ্মনৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়া সভাত উপস্থিত থাকে।। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অৰ্ধ শতাধিক কংগ্ৰেছ, অসম গণ পৰিষদ আৰু অন্য দলৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
আজি আনুষ্ঠানিকভাৱে যোগদান কৰা সকলো কৰ্মীকে বিধায়ক অশোক শৰ্মাই গামোচাৰে আদৰি জনায়।লগতে বিধায়ক শৰ্মাই নিজৰ ভাষণত বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমুহৰ কথা উল্লেখ কৰি কৰ্মীসকলক সেই আঁচনিসমূহ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়।
- Log in to post comments
- 51 views