নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মোজাম্মিল হকক স্মৰণ    

Ghagrapar

*"অসমীয়া ভাষা জীয়াই থকালৈ শ্বহীদ মোজাম্মিল হকৰ ত্যাগ-আদৰ্শ হৃদয়ত থাকিব--ধ্ৰুৱজ্যোতি শৰ্মা"*

                                        
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৭ অক্টোবৰ:

১৯৭২ চনৰ মাধ্যম আন্দোলনত চিৰ চেনেহী ভাষা জননীৰ পূজাৰ বেদীত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী বীৰ শ্বহীদ মোজাম্মিল হকক বুধবাৰে নলবাৰী জিলা সাহিত্য সভাই গভীৰভাৱে স্মৰণ কৰে । এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত আয়োজিত এটি অনুষ্ঠানত বীৰ শ্বহীদ মোজাম্মিল হকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে অসমীয়া ভাষা যেতিয়ালৈ জীয়াই থাকিব,মোজাম্মিল হকো তেতিয়ালৈ অসমীয়াৰ হৃদয়ত থাকিব । শ্বহীদ মোজাম্মিল হকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই শ্বহীদ মোজাম্মিল হক অসমীয়া ভাষা আৰু অসমীয়াৰ জাতীয় জীৱনৰ বাবে সদায় প্ৰাতঃস্মৰণীয় অনন্য জাতীয় বীৰ হিচাপে শ্ৰদ্ধা আৰু স্মৃতিৰ মন্দিৰত অক্ষয় বন্তি হিচাপে জিলিকি থাকিব বুলি উল্লেখ কৰে।স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰি নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতাই অসমীয়া ভাষাক আঁতৰাই অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰাৰ ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ দাবীত ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে হোৱা আন্দোলনত বলিষ্ঠভাৱে অংশ লৈ আজিৰ দিনটোতে ভাষা জননীৰ সেৱাত প্ৰাণ আহুতি দিয়া মোজাম্মিল হকৰ বিষয়ে বিৱৰি কয় । নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদে আঁত ধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা,কাৰ্যালয় সম্পাদক মৃণ্ময় শৰ্মা, সাংগঠনিক সম্পাদক জয়চন্দ্ৰ শৰ্মা, নৱ বৰকটকী , সাহিত্যানুৰাগী তুলিকা তালুকদাৰ, হিমাক্ষী কাশ্যপ আৰু উপাসনা গোস্বামীয়ে স্মৃতি তৰ্পণ কৰে ।

Your Comments