দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৬ অক্টোবৰ,:
নলবাৰী জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সৌজন্যত আৰু নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ সহযোগত প্ৰথমবাৰৰ বাবে সোমবাৰে নলবাৰীৰ বকুৱাজাৰীত শ্ৰীশ্ৰী শংকৰদেৱ বিদ্যাপীঠ এম ই স্কুল প্ৰাংগণত দিনযোৰা কাৰ্যসূূচীৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন কৰা হয়। সমল ব্যক্তি সঞ্জীৱ দাসে আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ দিয়ে নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই। তেওঁ নিজৰ ভাষণত ছাত্ৰ শিক্ষক,অভিভাৱক আৰু ছাত্ৰ -ছাত্ৰীসকলৰ সু-সম্পৰ্ক থাকিলে একোগৰাকী সুনাগৰিক হ'ব পাৰে বুলি মন্তব্য কৰ।লগতে শিক্ষা বিষয়া ডেকাই আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱস সন্দৰ্ভতো বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জিলাখনৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকসহ ১৪ গৰাকীৰ কৃতী শিক্ষকক শৰাই,মানপত্ৰ,গামোছা আদিৰে সম্বৰ্ধনা জনায়।নলবাৰী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক কালীচৰণ কলিতাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত নলবাৰী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি খগেন্দ্ৰ নাথ শৰ্মাই সম্বৰ্ধিত কৃতী শিক্ষকসকলৰ উদ্দেশ্য কৰি ভাষণ দিয়ে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁঁটাপ্ৰাপ্ত কৃতী শিক্ষক কৃষ্ণকান্ত তালুকদাৰেও শিক্ষক আৰু ছাত্ৰ -ছাত্ৰীৰ উদ্দেশ্য কৰি ভাষণ দিয়ে।সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলন,গছপুলি ৰোপণ কৰা হয়।
- Log in to post comments
- 13 views