অসম একাডেমী নলবাৰীত বিশেষ অভিনন্দন অনুষ্ঠান 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

অসম শৈক্ষিক আৰু সাংস্কৃতিক সমিতিৰ দ্বাৰা প্ৰতিষ্ঠিত নলবাৰীৰ আগশাৰীৰ      শিক্ষানুষ্ঠান অসম একাডেমী নলবাৰীত  মঙলবাৰে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।ক'ভিড ১৯ নিয়ম মানি অনুষ্টুপীয়াকৈ  অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি  অনুকূল শৰ্মাই।বিদ্যালয়খনৰ উপাধ্যক্ষ ৰাতুল ডেকাই আঁত ধৰা অনুষ্ঠানটোতএইবেলি   (২০২০ইং)বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত    ৯৫শতাংশৰ অধিক নম্বৰ লাভ কৰাৰ লগতে প্ৰতিটো বিষয়ত ছেবাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ তৰফৰ পৰা  বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।মহাৰ্ণৱ তামুলীয়ে ৯৬,৮৩শতাংশ আৰু বিদিশা মিশ্ৰই  ৯৬ শতাংশ নম্বৰ লাভ কৰাত  প্রত্যেককে ৫০০০হাজাৰ টকাকৈ নগদ ধন আৰু ছেবাৰ প্ৰতিটো বিষয়ত সৰ্বোচ্চ নম্বৰ  পোৱাসকলক ২,৫০০ টকাকৈ বিশেষ বঁটা     প্ৰদান কৰি পুৰস্কৃত কৰা হয়।গণিতত মহাৰ্ণৱ তামুলী,বিদিশা মিশ্ৰ ,কৌশিক তালুকদাৰ,কুলদ্বীপ পাটগিৰিৰ লগতে  সাধাৰন বিঞ্জানত পুৰস্কাৰ প্ৰদান কৰা হয় বিদিশা মিশ্ৰক।EWS শিতানত  কস্তুৰী শৰ্মা আৰু নিষ্ঠা হাজৰিকাক ২৫০০টকাকৈ প্ৰদান কৰি অভিনন্দন  জ্ঞাপন কৰা হয়।ইয়াৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নিপামণি ডেকাই অলপতে ৰাষ্ট্ৰীয় স্বেচ্চাসেৱকৰ(NSS)ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰি অসম তথা বিদ্যালয়লৈ  গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা তেওঁকো ফুলাম জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Your Comments