শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

Aasu Protest

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে  শিৱসাগৰ জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে ৰূপায়ণ কৰা এই কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা,পাৰিৱেশিক প্ৰভাৱ মূল্যাংকণ ২০২০ আৰু অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত বিশেষজ্ঞ কমিটীয়ে দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী তুলি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিয়ে। অন্যথা পৰৱৰ্তী সময়ত সংগঠনটোৱে ইয়াতকৈ অধিক জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ  প্ৰদান কৰে।

 

Your Comments