*বিধায়কসহ প্ৰতিবাদকাৰীক আটক*
*তদন্ত হ'লে ৰৌ,বৰালী আছে যদি ৰৌ,বৰালীও ফচিব আৰু পুঠি,দৰিকনাও ফচিব-আব্দুল হাই নাগৰী*
বঙাইগাঁৱৰ প্ৰতিবেদক:
এছ আই কেলেংকাৰীৰ বিৰুদ্ধে সোমবাৰে বঙাইগাঁৱত কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিধায়ক আব্দুল হাই নাগৰীসহ প্ৰতিবাদকাৰীসকলক পিচত আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় ৷ উল্লেখ্য যে বঙাইগাঁও জিলা কংগ্ৰেছে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ প্ৰতিবাদত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে ৷ সেই অনুসৰি কংগ্ৰেছ দলৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰীৰ নেতৃত্বত জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা দলীয় নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু দলীয় পতাকালৈ অসম চৰকাৰ হায় হায়,এছ আই নিযুক্তি কেলেংকাৰীৰ তদন্ত লাগে , এজিপি- বিজেপি হায় হায় ,ফণীভূষণ চৌধুৰী গ'বেক,ফণীভূষণ চৌধুৰীৰ দালালী বন্ধ কৰক ,বিজেপি হায় হায় , সৰ্বানন্দ সোনোৱাল চৰকাৰ হায় হায় ,অক্ষয় টেলিকমিউনিকেচন হায় হায় ,বিজেপি চৰকাৰ পদত্যাগ কৰক,অকৰ্মণ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ' বেক , মিথ্যাচাৰী হিমন্ত বিশ্ব শৰ্মা গ' বেক , এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদী সমদল কৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ বুলি আগবাঢ়ে ৷ কিন্তু কিছু দূৰ আগবাঢ়ি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ পোৱাৰ লগে লগে পূৰ্বৰে পৰা সাঁজু হৈ থকা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দলে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷ ফলত উক্ত স্থানতে আৱদ্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ প্ৰতিবাদকাৰীসকলক কাৰ্যবাহী দণ্ডাধীশে আগলৈ যোৱাৰ অনুমতি প্ৰদান নকৰি কিবা স্মাৰক-পত্ৰ থাকিলে দিবলৈ কৈ কাৰ্যসূচী সামৰিবলৈ কয় যদিও প্ৰতিবাদকাৰীসকলে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যাবলৈ অনুমতি দিবলৈ অনুৰোধ জনায় ৷ পিছত উপায়ন্তৰ হৈ প্ৰতিবাদকাৰীসকলে উক্ত স্থানতে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।লগতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যাবলৈকো চেষ্টা কৰে ৷ একাংশ প্ৰতিবাদকাৰী পথৰ ওপৰতে বহি পৰি আমাক এছ পি অফিচলৈ যাববলৈ দিয়ক , এছ আই তদন্তৰ ন্যায়িক তদন্ত কৰক আদি শ্লোগান দি থাকে ৷ বিধায়ক আব্দুল হাই নাগৰীয়ে কেইবাবাৰো দণ্ডাধীশক তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সফল কৰি তুলিবলৈ অনুমতি বিচাৰে।কিন্তু অনুমতি প্ৰদান নকৰি বৰ্তমান ক'ৰ'না ভাইৰাছৰ পৰিৱেশত আৰোপ কৰা বিধি-বিধান ভংগ কৰা বুলি কয় কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে ৷ পিচত কাৰ্যবাহী দণ্ডাধীশৰ নিৰ্দেশত বিধায়ক আব্দুল হাই নাগৰীকে ধৰি প্ৰতিবাদকাৰীসকলক আটক কৰি এখন বাছত তুলি বঙাইগাঁও থানালৈ লৈ যায় ৷ অৱশ্যে প্ৰতিবাদকাৰীসকলক পিচত মুকলি কৰি দিয়ে ৷ ইপিনে বিধায়ক নাগৰীয়ে কাৰ্য্যসূচী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ কাৰ্যসূচীটো হৈছে 'আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী' ৷ ইতিমধ্যে সকলোৱে জানে যে আৰক্ষী বিভাগৰ এছ আই পদৰ নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ধাৰ্য কৰিছিল ৷ কিন্তু এইখন অকৰ্মণ্য চৰকাৰে তথা এইখন ভ্ৰষ্টাচাৰী চৰকাৰে এই পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক দিয়ে ৷ পৰীক্ষা পৰিচালনা কৰিবলৈ গৈ ব্যক্তিগত প্ৰতিষ্ঠানে কিছুমানৰ পৰা ১৫ লাখকৈ টকা লৈ তেওঁলোকক আগতীয়াকৈ প্ৰশ্নকাকতৰ যোগান ধৰিছে আৰু প্ৰশ্নকাকত যোগান ধৰি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে ৷ যাতে পৰীক্ষাত তেওঁলোকে ভাল ফলাফল লাভ কৰে ৷ ইতিমধ্যে এই কথাবোৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ গতিকে প্ৰশ্নকাকত যোগান ধৰা তথা টকা- পইচা লৈ আৰক্ষী বিভাগৰ এছ আই নিযুক্তি দিয়াৰ যিটো কেলেংকাৰী আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ যিটো কেলেংকাৰী সেই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আমি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ লগতে এইখন চৰকাৰৰ ওচৰত দাবী কৰিছো যে এই কেলেংকাৰীৰ ন্যায়িক তদন্ত লাগে ৷ উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা এই কেলেংকাৰীৰ তদন্ত কৰিব লাগে আৰু যিসকল দোষী চিনাক্ত হ'ব সেইসকলক শাস্তি বিহিব লাগে ৷ বিধায়কগৰাকীয়ে এই ভ্ৰষ্টাচাৰী চৰকাৰখন পদত্যাগ কৰিব লাগে বুলিও দাবী জনায়৷ আনহাতে এই কেলেংকাৰীৰ সৈতে বঙাইগাঁৱৰ এগৰাকী ব্যৱসায়ীৰ নাম জড়িত হৈ পৰা সন্দৰ্ভত কয় যে বঙাইগাঁৱৰ আখিয়া চান্দ বৈদৰ নাম ওলাইছে আৰু শুনিছো ৷ কাগজে- পত্ৰেও দেখিছো ৷ গতিকে আমি যিটো তদন্ত বিচাৰিছো সেই তদন্তত যদি উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে কৰি যদি আখিয়া চান্দ বা তাৰ ওপৰৰ কোনো দোষী ব্যক্তি জড়িত থকাৰ প্ৰমাণ হয় তেতিয়াহলে তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে ,শাস্তি দিব লাগে ৷ ইফালে তদন্তত ৰৌ- বৰাালীৰ নাম কিন্তু অহা নাই বুলি বিধায়কগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে ৰৌ,বৰালীৰ নাম আহিব ৷ তদন্ত হ'লেহে ৰৌ,বৰালিৰ নাম আহিব ৷ কিন্তু এতিয়ালৈকেতো তদন্তই হোৱা নাই ৷ আমি ন্যায়িক তদন্ত দাবী কৰিছো আৰু দোষীৰ শাস্তি বিচাৰিছো ৷ ৰৌ,বৰালী যদি ৰৌ,বৰালিও ফচিব আৰু যদি পুঠি ,দৰিকনা আছে সেইসকলো ফচিব ৷ সেয়ে আমি গুৱাহাটী উচচ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে এই কেলেংকাৰীৰ তদন্তৰ দাবী কৰিছো ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচীকলৈ পুৱাৰে পৰা বঙাইগাঁও চহৰত আৰক্ষী বিভাগ সষ্টম হৈ থকা সন্দৰ্ভত বিধাযকগৰাকীয়ে কয় যে আৰক্ষীৰ কাম আৰক্ষীয়ে কৰিবই ৷ যিহেতু নামমাত্ৰ হলেও চৰকাৰ এখনতো আছো ৷ এইখন চৰকাৰৰ কাম নাই ,নামহে আছে ৷গতিকে সেই চৰকাৰে তেওঁৰ প্ৰশাসন যন্ত্ৰক সষ্টমতো ৰাখিবই ৷ এইটো খুব স্বাভাবিক কথা ৷যদি নাৰাখে তেতিয়াহলে এইখন কাপুৰুষ চৰকাৰহে হ'ব ৷ যদিহে আইন- শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহলে চৰকাৰখন অকৰ্মণ্য চৰকাৰহে হ'ব ৷ ইতিমধ্যে এইখন চৰকাৰ যে অকৰ্মণ্য আৰু ভ্ৰষ্টাচাৰী চৰকাৰ সেয়া প্ৰমাণ হৈ গৈছে ৷ উল্লেখ্য যে কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা সষ্টম হৈ পৰে বঙাইগাঁও আৰক্ষী ৷ যাতে প্ৰতিবাদকাৰীসকলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যাব নোৱাৰে তাৰ কাৰণে ঠায়ে ঠায়ে আৰক্ষী ,নিৰাপত্তাৰক্ষীৰ দল সাজু হৈ থাকে ৷ একেদৰে বেৰিকেট দি পথ বন্ধ কৰি দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত মহিলা কংগ্ৰেছ , যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছ দলৰ নেতা- কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 7 views