নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল 

Congress protest

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

আৰক্ষীৰ এছআই নিযুক্তি কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ দাবী কৰি সোমবাৰে নলবাৰী জিলা কংগ্ৰেছে নলবাৰীৰ ৩১ নং ৰাষ্ট্রীয় ঘাইপথত এটা প্ৰতিবাদী মিছিল উলিয়ায়।নলবাৰীৰ গণেশ মন্দিৰ চ'কৰ পৰা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আহি থকা প্ৰতিবাদী সমদলকাৰীক ভূঞাৰকুচি পথত আৰক্ষীয়ে বাধা প্ৰদান কৰে।এই সমদলৰ নেতৃত্ব প্ৰদান কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰদ্যুৎ ভূঞা,প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা,জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বর্মনে।অংশগ্ৰহণ কৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে।ইয়াৰ পিছতে আৰক্ষীয়ে দেৱব্ৰত শইকীয়া,নীলমণি সেন ডেকা,প্ৰদ্যুৎ ভূঞা আদিক আটক কৰে।কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।

Your Comments