নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদত কিয় শুনা গ'ল নৰেন্দ্ৰ মোডী জিন্দাবাদ শ্লোগান?

Congress protest,Nalbari.

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

উত্তৰ প্ৰদেশৰ হাথৰসৰ ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ দেশত প্ৰতিক্ৰিয়া হোৱাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভুক্তভোগী পৰিয়ালটোৰ খবৰ লবলৈ যাওঁতে আৰক্ষীয়ে প্ৰহাৰ কৰি অপদস্ত কৰাৰ প্ৰতিবাদত শনিবাৰে নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰে।কিন্তু এই প্ৰতিবাদ চলি থকাৰ সময়তে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত লাগিল হাহাকাৰ।নৰেন্দ্ৰ মোডী মুর্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে ভুলবশত: একাংশ কৰ্মীয়ে নৰেন্দ্ৰ মোডী জিন্দাবাদ ধ্বনি দিয়াত কৰ্মীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।নলবাৰী সদৰ থানাৰ সন্মুখত কৰা কংগ্ৰেছৰ প্ৰতিবাদত নৰেন্দ্ৰ মোডী জিন্দাবাদ ধ্বনিয়ে পথচাৰীৰ মাজত যথেষ্ট কৌতুহলৰ সৃষ্টি কৰে।

Your Comments