বামুন্দীত ৩০ গৰাকী জ্যেষ্ঠ বিজেপি কৰ্মীক সম্বৰ্দ্ধনা 

Bjp Workers

হাজোৰ পৰা কমলাকান্ত দাস:

একাত্ম মানৱতাবাদৰ মাৰ্গদৰ্শক,জনসঙ্ঘৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৪ সংখ্যক জন্মজয়ন্তীত  সপ্তাহযোৰা কাৰ্য্যসূচীৰে ৰাজ্যিক,জিলা, মণ্ডলৰ কাৰ্য্যকৰ্তাৰ ঘৰত তথা শক্তিকেন্দ্ৰৰ আহ্বায়কৰ গৃহত দলীয় পতাকা উত্তোলন,দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰতিটো মণ্ডল কমিটীক নিৰ্দেশ দিছিল। তদুপলক্ষে বিজেপিৰ  হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মিলন জ্যোতি ঠাকুৰীয়াই তেওঁৰ গৃহ পঞ্চায়ত বামুন্দী তথা নিজ বাসগৃহত দলৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা চন্দ্ৰ শালৈৰ দ্বাৰা  পতাকা উত্তোলন কৰি সম্বৰ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কৰে।ইয়াৰ পাছত বামুন্দী পঞ্চায়তৰ অন্তৰ্গত জ্যেষ্ঠ তথা বিজেপিৰ অতি দুৰ্দিনতো ত্যাগ স্বীকাৰ কৰি দলীয় পতাকাখন ধৰি ৰাখি দলৰ হৈ নিষ্ঠা আৰু সততাৰে সেৱা কৰি অহা ৩০ গৰাকী কৰ্মীক গামোছা,চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জনায়।এই অনুষ্ঠানতে বামুন্দী পঞ্চায়তৰ প্ৰতিগৰাকী বুথ সভাপতি,শক্তিকেন্দ্ৰৰ আহ্বায়কক সম্বৰ্ধনা জনায়।অনুষ্ঠানত ৩নং জিলা পৰিষদৰ সদস্য বিপুল দাস,বামুন্দী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চন্দা কলিতা,উপ-সভানেত্ৰী জীনা কলিতাকো সম্বৰ্দ্ধনা জনায়।সম্বৰ্দ্ধনা গ্ৰহণ কৰি জিলা সদস্য বিপুল দাসে কায় যে কাৰ্যকৰ্তা মিলনজ্যোতি ঠাকুৰীয়াৰ এনে পদক্ষেপে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ ৰাইজৰ আগত দাঙি ধৰিলে।তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে  দলৰ সাংগাঠনিক ভেটি মজবুত কৰাত গুৰুত্ব দিবলৈ কাৰ্যকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়।অনুষ্ঠানত দীনদয়াল উপাধ্যায়ৰ জীৱন দৰ্শন সন্দৰ্ভত বহলাই বাখ্যা কৰে বিজেপিৰ নিষ্ঠাবান কাৰ্যকৰ্তা গিৰীন্দ্ৰ কলিতা আৰু পদ্মৰাম কলিতাই।অনুষ্ঠানত বামুন্দী পঞ্চায়তৰ প্ৰতিটো বুথৰ সভাপতি,সম্পাদকৰ লগতে শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে।

Your Comments