*আৰক্ষী কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰাৰ বাবে চাৰি লাখ টকা দাম নিৰ্ধাৰণ*
*মৰিগাঁও আৰক্ষীৰ জালত পৰিল দেৱজিৎ লস্কৰ নামৰ এজন দালাল*
#মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
ৰাজ্য কপোঁৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ পিছত কনিষ্টবল নিযুক্তিক লৈ উৎকোচৰ বেহা চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে মৰিগাঁও আৰক্ষীয়ে।মৰিগাঁও আৰক্ষী অধীক্ষক ড: নন্দ সিং বৰকলাৰ নামত আৰক্ষীৰ কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বাবে চাৰি লাখ টকাৰ দাম নিৰ্ধাৰণ কৰি নগাঁও জিলা ৰহাৰ দেৱজিৎ লস্কৰ নামৰ এজন লোকে ধন সংগ্ৰহ কৰাৰ বাতৰি লাভ কৰাৰ পিছতেই মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত দালালজনক । উল্লেখ্য যে মৰিগাঁৱত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনাই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ তৎপৰতাত চাকৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰা এটা দালালজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাওঁ জিলাৰ দক্ষিণপাট অঞ্চলৰ দেৱজিৎ লষ্কৰ নামৰ ব্যক্তিজনে কিছুদিনৰ পৰা আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ নামত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নামত বিভিন্ন চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰাৰ পিছত শনিবাৰে আৰক্ষী অধীক্ষকগৰাকীৰে চলোৱা অভিযানত দালালজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মৰিগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে উক্ত ব্যক্তিজনে এগৰাকী মহিলাৰ পৰা ইতিমধ্যে ৪লাখ টকাত বন্দোবস্তি কৰি ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছিল।কিন্তু ঘটনাৰ সবিশেষ জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই নগাওঁ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। ধৃত ব্যক্তিজনে বিভিন্ন চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আনহাতে,আৰক্ষী কনিষ্টবল পদৰ বাবে কোনোৱে ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰিলে মৰিগাঁও আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 19 views