*প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ*
#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ চহৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৱাসিক এলেকা চৌহদত থকা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা মুকলি মঞ্চত শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে
আৰম্ভ হ'ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা।ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উত্তোলন কৰাৰ পিছতেই টাই আহোম সকলৰ পৰম্পৰাগত ফুৰালুং পূজাৰে কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰা হয়।
ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা তাছা, মন্ত্ৰী যোগেন মহনৰ সহযোগত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বন্তি প্ৰজ্বলন কৰি ভাৰত মাতালৈ শ্ৰদ্ধা নিবেদন কৰে।ধুবুৰীৰ পৰা শদিয়া পৰ্যন্ত অসমৰ প্ৰতিখন জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলে অংশগ্ৰহণ কৰা শিৱসাগৰত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনৰ কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰী,বিধায়ক আৰু সাংসদৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাৰ্যকালত এন আৰ চি, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কমিটী গঠন আৰু ভাৰত-বাংলাদেশ সীমান্ত ছিল কৰাকে ধৰি ৰাজ্যখনত সম্পন্ন হোৱা উন্নয়নমূলক কাম-কাজৰ খতিয়ানসমূহ দাঙি ধৰে।লগতে অনাগত দিনত বিজেপিৰ যুৱ শক্তিক শিক্ষা আৰু তথ্যৰে সমৃদ্ধিশালী হৈ এখন শক্তিশালী ভাৰত তথা অসম গঢ়িবৰ বাবে তৃনমূল পৰ্যায়ত কাম-কাজ আগবঢ়াই নিবলৈ আহ্বান জনায়।বিজেপিক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলয়ো আহ্বান জনায়।
যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰি দলৰ স্বাৰ্থত যুৱ শক্তিক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যেষ্ঠসকলৰ দিহা-পৰামৰ্শ কামনা কৰে।
আজিৰ অনুষ্ঠানতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ থিম চং আৰু 'পলকতে শিৱসাগৰ' নামৰ এখনি সৰু গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- Log in to post comments
- 17 views