বঙাইগাঁঁৱৰ প্ৰতিবেদক:
উত্তৰ প্ৰদেশত সংঘটিত যুৱতীদ্বয়ৰ বৰ্বৰোচিত গণধৰ্ষণ আৰু হত্যা কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা আৰু দায়িত্বত গাফিলতি কৰা আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত শুকুৰবাৰে এছএফআই আৰু ডিৱাইএফআইয়ে বঙাইগাঁৱত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনৰ নেতা -কৰ্মীসকলে বঙাইগাঁও চহৰৰ বৰপাৰা বাছ আস্থানৰ সন্মুখৰ মূল ৰাজপথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনৰ কৰ্মীসকলে হাতে হাতে বিভিন্ন প্লে'কাৰ্ড লৈ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ কি হ'ল,বিজেপি চৰকাৰ জবাব লাগে জবাব দিয়ক , নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় , যোগী আদিত্যনাথ জবাব লাগে জবাব দিয়ক, ধৰ্ষণকাৰীক এতিয়াও কিয় আটক কৰা হোৱা নাই জবাব লাগে জবাব দিয়ক , মোডী চৰকাৰ হায় হায় , যোগী আদিত্য নাথ মুৰ্দাবাদ , নাৰীক সুৰক্ষা দিবলৈ নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুত্তোলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনৰ নেতা সোমেন দেৱে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত ৰাষ্ট্ৰ আজিৰ দিনত এখন ধৰ্ষণ ৰাষ্ট্ৰলৈ পৰিগণিত হৈছে ৷ বিগত আঠ বছৰত ভাৰতত ৩১ শতাংশলৈ ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে ৷ চৰকাৰী তথ্য মতে প্ৰতি বছৰে ৩৪ হাজাৰ নাৰী ধৰ্ষণৰ বলি হৈ আহিছে আৰু প্ৰতি ১৫ মিনিটৰ ভিতৰত এগৰাকীকৈ নাৰী ধৰ্ষিতা হ'বলগীয়া হৈছে ৷ দুৰ্ভাগ্যজনকভাৱে আজিৰ দিনত সৰ্বত্ৰে নিৰ্ভয়াকাণ্ড ঘটি আছে ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশত সংঘটিত হ'ল জঘন্য ঘটনা ৷ যি ঘটনাই সমগ্ৰ দেশতে জোঁকাৰণিৰ সৃষ্টি কৰিছে।যোগী আদিত্যনাথৰ নেতৃত্বত চৰকাৰ চলি থকা উত্তৰ প্ৰদেশতে যুৱতীক ধৰ্ষণ কৰি জিভা কাটি পেলোৱাৰ উপৰিও ৰাজহাড় ভাঙি হত্যা কৰা হ'ল ৷ আনকি এই ধৰ্ষণৰ ঘটনা ঢাকিবলৈ যোগী আদিত্য নাথ চৰকাৰৰ প্ৰশাসনে হস্তক্ষেপ কৰি নিশাৰ অন্ধকাৰত যুৱতীগৰাকীৰ মৃতদেহ জ্বলাই দিলে ৷ আৰএছএছ,বিজেপি চৰকাৰৰ নাৰীৰ বিৰুদ্ধে,সংখ্যালঘুৰ বিৰুদ্ধে , আদিবাসী তথা দলিত ৰাইজৰ বিৰুদ্ধে এওঁলোকৰ যি চিন্তাধাৰা আৰু দৃষ্টিভংগী-এনেবোৰ ঘটনা তথা কাৰ্য- কলাপৰ জৰিয়তে সদায় উন্মোচিত হৈ আছে ৷ নেতাগৰাকীয়ে লগতে কয় যে যোগী আদিত্যনাথ এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে মৃত মুছলমান মহিলাসকলৰ বিৰুদ্ধেও নীচ মন্তব্য কৰিছিল ৷ গতিকে এনে এজন ব্যক্তি দুৰ্ভাগ্যজনকভাৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ আছে ৷ এনে এখন চৰকাৰ ভাৰতবৰ্ষত চলি আছে,যিখন চৰকাৰে নাৰীক মৰ্যদা দিবলৈ নোৱাৰে ৷ তেওঁলোকে বেটী বাচাও বেটী পঢ়াও, আদিকে ধৰি বিভিন্ন শ্লোগান দিছিল ৷ শ্লোগানবোৰ শ্লোগান হৈয়ে থাকিল ৷ বাস্তৱত কিন্তু তাৰ ওলোটাটোহে দেখিবলৈ পাইছোঁ বুলিও কয় ৷ কাৰ্যসূচীত এছএফআইৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শুভাংকৰ দাস আৰু সম্পাদক অণিৰ্বান দাসকে ধৰি বিভিন্নজন উপস্থিত থাকে ৷
- Log in to post comments
- 41 views