বঙাইগাঁৱৰ প্ৰতিবেদক:
শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ঘোষণা কৰা হ'ল নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল' ৷ ৰাজ্যৰ সত্তৰটাকৈ দল-সংগঠনৰ সমৰ্থনত কৃষক মুক্তিসংগ্ৰাম সমিতিৰ উদ্যোগত এই নতুন ৰাজনৈতিক দলটোয়ে জন্মলাভ কৰাৰ পিচতে বঙাইগাঁৱত কৃষক মুক্তিকে ধৰি বিভিন্ন সংগঠনৰ কৰ্মীসকলে দলটোক আদৰণি জনাই আনন্দ- উল্লাস প্ৰদৰ্শন কৰে ৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সংগঠনৰ কৰ্মীসকলে বৰপাৰা ৰাজহুৱা খেলপথাৰত সমবেত হৈ এজনে আনজনৰ গাত আবিৰ ছটিয়াই হোলী খেলি তথা ঢোল বজাই বিভিন্ন গীত গাই সমদল কৰি ৰাজপথলৈ ওলাই আহি আনন্দ-উল্লাস প্ৰদৰ্শন কৰে ৷ ইফালে, নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে আজি অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক দিন ৷ আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল আৰু এই দিনটোতে অসমৰ ৰাজনৈতিক ইতিহাসত ইতিহাস ৰচনা কৰি 'ৰাইজৰ দল' নামেৰে এটা ৰাজনৈতিক দল গঠন কৰা হ'ল।এই দলটোৱে অনাগত ভৱিষ্যতত অসমৰ ৰাইজৰ হৈ কাম কৰিব,অসমৰ শোষিত-নিস্পেষিত জনতাৰ হৈ কাম কৰিব,অসমৰ সৰ্বহাৰা,কৃষক শ্ৰেণীৰ হৈ কাম কৰিব ৷ অসমৰ সকলো জাতি - জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে,অসমৰ যি বিলাক জাতীয় সমস্যা আছে সেই সমস্যাসমূহৰ বিজ্ঞানসন্মতভাৱে সমাধানত গুৰুত্ব দিব ৷ নিশ্চিতভাৱে অসমৰ জনসাধাৰণেই এই দলটোৰ প্ৰধান হোতা হ'ব , হাইকামাণ্ড হ'ব আৰু অসমৰ জসাধাৰণৰ দিহাপৰামৰ্শ লৈ এই ৰাজনৈতিক দলটো আগবাঢ়ি যাব ৷ দীৰ্ঘদিন ধৰি অসমৰ ৰাজনীতিত যিবিলাক ৰাষ্ট্ৰীয় শক্তিয়ে দপদপাই আছিল,তথাকথিত জাতীয়তাবাদৰ নামত যিবিলাকে সুবিধাবাদ কৰি আছিল,সেইবোৰ উৰি গুচি যাব ৷ অসমৰ ৰাইজ এইবাৰ ঐক্যবদ্ধ হৈছে ৷ সকলো জাতি- জনগোষ্ঠী , সকলো 'কা' বিৰোধী শিল্পী সমাজ ,ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈছে আৰু একৈশৰ নিৰ্বাচনত সকলো ৰাষ্ট্ৰীয় দল তথা আন ৰাজনৈতিক দল সেয়া লাগিলে কংগ্ৰেছে, বিজেপি, এআইইউডিএফ তথা অগপই হওঁক সকলো উৰি যাব ৷ কাৰণ এই ৰাজনৈতিক দলবোৰৰ যি সুবিধাবাদী জাতীয়তাবাদী চৰিত্ৰ আছিল সেয়া ইতিমধ্যে ৰাইজৰ আগত উন্মোচিত হৈছে আচলতে এই ৰাজনৈতিক দলবোৰক জাতীয়তাবাদী বুলি ক'ব নোৱাৰি ৷ তেওঁলোক সুবিধাবাদীহে ৷ সেয়ে প্ৰকৃতাৰ্থত এক জাতীয় দল ঘোষণা কৰা হ'ল আৰু জাতিৰ স্বাৰ্থত অসমৰ এই দলটোৱে কাম কৰিব ৷ অসমীয়া ৰাইজে আগ্ৰহেৰে একৈশৰ নিৰ্বাচনলৈ অপেক্ষা কৰি আছে ,যাতে এই দলটোক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে ৷ আনন্দ উৎসৱত জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়কে ধৰি বিভিন্ন বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰি নতুন ৰাজনৈতিক দলটোক আদৰণি জনায় ৷
- Log in to post comments
- 13 views