মৃণাল ডেকা,শুৱালকুছি:
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তী আজি সমগ্ৰ দেশবাসীয়ে গান্ধী জয়ন্তী হিচাপে পালন কৰিছে।অহিংসাৰ পূজাৰীজনৰ জন্ম জয়ন্তী উপলক্ষে আজি শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গান্ধী মণ্ডপত উপস্থিত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদূল মালাকৰে গান্ধীমণ্ডপত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত সেৱা জনায়।ইয়াৰ পিছতে শুৱালকুছিৰ মুক্তি যুঁঁজাৰু তথা ১৯৪৬ চনৰ ৯ জানুৱাৰীত মহামানৱ মহাত্মা গান্ধীয়ে বস্ত্ৰ নগৰী শুৱালকুছিত পদাৰ্পণ কৰাৰ সময়ত স্বেচ্ছাসেৱক হিচাপে উপস্থিত থাকি গান্ধীজীৰ সান্নিধ্য লাভ কৰা মুক্তি যুঁঁজাৰু ভৰত চন্দ্ৰ বৈশ্যৰ ঘৰত উপস্থিত হৈ মুক্তিযুঁঁজাৰু গৰাকীক এখন ফুলাম গামোছা আৰু এখন কিতাপৰে সম্বৰ্ধনা জনোৱাৰ লগতে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
কংগ্ৰেছ নেতাগৰাকীয়ে শুৱালকুছিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰহ্লাদ বৈশ্য,অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপেন কলিতাৰ গৃহতো উপস্থিত হৈ শিক্ষাগুৰু দুগৰাকীক গামোছা আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনায়।আজিৰ এই কাৰ্যসূচীত শুৱালকুছি যুৱ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।
- Log in to post comments
- 88 views