নগাঁও বন বিভাগৰ অভিযানত দুটা অবৈধ কাঠফলা মিল জব্দ 

Nagaon

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁওবন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি বন বিভাগৰ অভিযানকাৰী দলে বৃহস্পতিবাৰে দুপৰীয়া শালনা বনাঞ্চলিক এলেকাৰ কেইবাটাও স্থানত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।বন বিভাগৰ দলটোৱে  গোপন খবৰৰ ভিত্তিত অভিযান চলাই মোৱামাৰীৰ পৰা এটা আৰু লটানী পথাৰৰ পৰা আনটো অবৈধ কাঠ ফলা মিল জব্দ কৰে। ইয়াৰে মোৱামাৰীৰ পৰা জব্দ কৰা কাঠমিলটোৰ গৰাকী এহিয়া আলী আৰু লটানী পথাৰৰ মিলটোৰ গৰাকী ইমান হুছেইন।এই মিল দুটাত দীৰ্ঘদিন ধৰি অবৈধভাৱে কাঠ ফালি নগাঁও জিলাৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। অবশেষত বন বিভাগৰ তৎপৰতাত মিল দুটা উৎখাত কৰিবলৈ সক্ষম হয়।এই সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগে কাঠমিল দুটাৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।


 

Your Comments