হাজোৰ পৰা কমলাকান্ত দাস:
অভিলাষী আঁচনি 'পোষণ অভিযান'ৰ অংশ স্বৰূপে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰাজ্যত পালন হৈ থকা 'ৰাষ্ট্ৰীয় পোষণ মাহ' উপলক্ষে হাজো শিশু সংহত বিকাশ প্ৰকল্পৰ অন্তৰ্গত মোখনীয়া নতুন অংগনবাড়ী কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত হয় পোষণ অভিযান।তদুপলক্ষে কেন্দ্ৰটোৰ কৰ্মী ছৈয়দা জেচমিন খানামে আঁঁত ধৰা আৰু আফজাল আলীৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সজাগতা সভাত ১১ নং চক্ৰৰ মুখ্য সেৱিকা বিউতি শালৈয়ে ভাষন প্ৰসংগত গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলে ল'ব লগীয়া যতন সম্পৰ্কে আলোকপাত কৰে।
মোখনীয়া নদীপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুতুবুদ্দিন আহমেদ,স্থানীয় গাওবুঢ়া ছাইফুদ্দিন আহমেদ, গাওঁ পঞ্চায়ত সদস্য আজগৰ আলী,সমাজকৰ্মী হবিবৰ ৰহমান,'আশা' কৰ্মী এলিজা বেগম,আশাৰ সহায়িকা হাচনা ইছলামৰ উপস্থিতিত মুখ্য সেৱিকা শালৈয়ে পুষ্টিহীনতাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি,পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিৰলৈ পৰামৰ্শ আগবঢ়ায় আৰু মহিলা সৱলীকৰনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।সভাৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰটোত এখন ফুল-ফলৰ বাগিচা মুকলি কৰে।ইয়াৰ পিছতে গছপুুুলি ৰোপণ কাৰ্যসূচী আৰু এখন পোষণ মেলাও অনুষ্ঠিত কৰে।
- Log in to post comments
- 18 views