দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫ নং দিহজাৰী গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত বুধবাৰে চিপিআই(এম)ৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সাহানবিষ্টুপুৰ শাখা সমিতিৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পঞ্চায়তখনৰ নিবাৰ্চিত সদস্যই দিয়া আঁঁচনিক গুৰুত্ব দি সদস্যজনক কাম কৰাৰ সুবিধা দিয়া,জিঅ' টেগ নকৰা পৰিয়ালসমূহক জিঅ' টেগ কৰি সাম্ভব্য গৃহৰ তালিকাত অৰ্ন্তভূক্ত কৰা,শৌচাগাৰ নোহোৱা পৰিয়ালসমূহক পকী শৌচাগাৰ নিৰ্মাণ কৰি দিয়া,ৰেচন কাৰ্ড নোহোৱা পৰিয়ালসমূহক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা,অৰুণোদয় আঁঁচনি সাৰ্বজনীন কৰা,প্ৰধানমন্ত্রী কৃষক সন্মান নিধিত হোৱা খেলিমেলি দূৰ কৰি প্ৰকৃত কৃষকক সুবিধা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাবস্ত্য কৰে।প্ৰতিবাদকাৰীসকলে শৌচালয় নিৰ্মাণত হোৱা দুৰ্নীতি বন্ধ কৰক,পঞ্চায়তখনত হোৱা দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি সমদল কৰি গৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ পঞ্চায়ত সচিবগৰাকীৰ হাতত প্ৰদান কৰে।উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত চিপিআই (এম)ৰ ঘগ্ৰাপাৰ আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক সনাতন বৈশ্য,কৃষক নেতা ৰমনী কলিতা,ডিৱাইএফআই নেতা ফণীধৰ কলিতা,অনুপম বৰ্মন,চিপিআই(এম)ৰ গাঁঁও সভাৰ সদস্য আহচেন আলীকে ধৰি প্ৰায় শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে পঞ্চায়তখনৰ সচিব সুৰথ বৰ্মনে প্ৰতিবাদৰ খবৰ পঞ্চায়তখনৰ সভাপতি দীপক কলিতাক অৱগত কৰাৰ পিছতো কাৰ্য্যালয়ত উপস্থিত থকা দেখা পোৱা নগ'ল।
- Log in to post comments
- 15 views