অনলাইন সাংবাদিকসকলক লৈ নগাঁৱত গঠন কৰা হ'ল "অনলাইন জাৰ্ণেলিষ্ট এছ'চিয়েছন"

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়োজিত অনলাইন সেৱাত কৰ্মৰত সাংবাদিকসকলক লৈ নগাঁৱত গঠন কৰা হ'ল "অনলাইন জাৰ্ণেলিষ্ট এছ'চিয়েছন"।মঙলবাৰে নগাঁৱৰ নতুন বজাৰত আয়োজিত এখধ সভাত নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত গঠন কৰা হয় অনলাইন জাৰ্ণেলিষ্ট এছ'চিয়েছন।নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক পলাশ প্ৰতিম হাজৰিকা,জিতেন বৰকটকী,হৰেশ্বৰ বৰা,অমূল্য বৰা আৰু শৈলেন শইকীয়াক উপদেষ্টা হিচাপে লৈ গঠন কৰা আহ্বায়ক কমিটীয়ে নীলোৎপল বৰাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে বিজু গোঁহাই আৰু কৃষ্ণ শইকীয়াক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে।কাৰ্যকৰী সভাপতিৰূপে ভাস্কৰ শইকীয়া আৰু উপ-সভাপতিৰ দায়িত্ব ৱাহিদুদ জামানক অৰ্পণ কৰা হয়।সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় টমাছ ভূঞা আৰু হেমন্ত দাসক।কাৰ্যালয় সম্পাদকৰ দায়িত্বত ৰাজজ্যোতি দাস আৰু চিংকু শইকীয়াৰ লগতে গোপাল ৰয়ক প্ৰচাৰ সম্পাদক হিচাপে লৈ নতুন কমিটীখশ গঠন কৰা হয়। মুলত: অনলাইন সেৱাত নিয়োজিত সাংবাদিকসকলৰ সুৰক্ষা আৰু ন্যায্য প্ৰাপ্তিৰ দিশত সংগঠনটোৱে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সংগঠনটোৱে এই বছৰৰে ডিচেম্বৰ মাহত নগাঁৱত প্ৰথম অধিৱেশন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

 

Your Comments