নগাঁৱত এম্বুলেঞ্চৰ ভিতৰতে ক'ৰ'না আক্ৰান্ত মাতৃৰ সন্তান প্ৰসৱ

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁৱত ১০৮ এম্বুলেঞ্চ সেৱাৰ গাড়ীৰ ভিতৰতে মঙলবাৰে এগৰাকী মাতৃয়ে সন্তান প্ৰসৱ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।নগাঁৱৰ ম'হখুলীস্থিত স্ত্ৰী আৰু প্ৰসূতি ৰোগ কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনি থকা অৱস্থাতে লংকাৰ ৰূপালী আচাৰ্যী নামৰ মহিলাগৰাকীয়ে এইদৰে গাড়ীৰ ভিতৰতে এটি সন্তান প্ৰসৱ কৰে।

Nagaon

ক'ভিড-১৯ আক্ৰান্ত প্ৰসূতিগৰাকীক হোজাই জিলাৰ পৰা নগাঁৱলৈ চিকিৎসাৰ বাবে অনা হৈছিল।কিন্তু নগাঁৱৰ ম'হখুলীস্থিত চিকিৎসালয় পোৱাৰ পূৰ্বেই মাতৃগৰাকীয়ে এম্বুলেঞ্চৰ ভিতৰতে সন্তান প্ৰসৱ কৰে। মন কৰিব লগা বিষয় এই যে ক'ভিড ৰোগীৰ বাবে মহখুলিস্থ চিকিৎসালয়খনত কোনো ব্যৱস্থা নথকাত চিকিৎসালয়খনত প্ৰসূতিগৰাকীক লৈ এতিয়া বিপাঙত পৰিছে স্বাস্থ্যকৰ্মীসকল। অৱশ্যে চিকিৎসালয়খনত থকা আন প্ৰসূতিৰ দেহলৈ যাতে ক'ৰ'না সংক্ৰমিত হ'বলৈ নোৱাৰে,তাৰ বাবে প্ৰসূতিগৰাকীক আছুতীয়াকৈ ৰখা হৈছে। আটাইতকৈ ভাল খবৰ এই যে বৰ্তমানলৈকে প্ৰসূতি আৰু সন্তান দুয়ো সুস্থ বুলি চিকিৎসকে জানিবলৈ দিছে।

Your Comments