মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি এন কটিশ্বৰ সিঙে মঙলবাৰে মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালত পৰিদৰ্শন কৰে।মুখ্য বিচাৰপতিগৰাকীৰ সৈতে অহা ৬ জনীয়া এটা প্ৰতিনিধি দলে মৰিগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ কেইবাগৰাকী বিচাৰকৰ লগত মত বিনিময় কৰি মৰিগাঁও ন্যায় ব্যৱস্থাৰ সন্দৰ্ভত বুজ লয়।মৰিগাঁও জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ড: নন্দসিং বৰকলাই গাৰ্ড অব্ অনাৰৰ জড়িয়তে মৰিগাঁও আৱৰ্ত ভৱনত আদৰণি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতিৰ নেতৃত্বত অহা বিচাৰকৰ দলটোক।
- Log in to post comments
- 20 views