মৃণাল ডেকা,শুৱালকুছি:
যোৱা ২৫ ছেপ্তেম্বৰৰ নিশা বস্ত্ৰ নগৰী শুৱালকুছিৰ নিকটৱৰ্ত্তী বংশৰ বেলৰতল-কুলহাটী সংযোগী গড়কাপ্তানি পথত একে নিশাই দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ চাৰি দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰৰ কৰিবলৈ নোৱাৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।তাৰেই প্ৰতিবাদত মঙলবাৰে হত্যাৰ বলি হোৱা সৰু শ্ৰীহাটীৰ প্ৰাণজিৎ আৰু শুৱালকুছি কাঞ্চণ নগৰৰ বাৰ বছৰীয়া কিশোৰ অভিজিতৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত আজি অঞ্চলটোৰ শতাধিক মহিলাই সমদল উলিয়ায়।
সৰু শ্ৰীহাটীৰ পৰা শুৱালকুছি থানালৈ উলিওৱা এই সমদলত অংশগ্ৰহণ কৰা শতাধিক পুৰুষ-মহিলাই হাতে-হাতে বেনাৰ-প্লে'কাৰ্ড লৈ প্ৰাণজিৎ-অভিজিতৰ হত্যাকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰক,চাৰি দিনৰ পাছতো হত্যাকাৰীক ধৰিবলৈ নোৱাৰা শুৱালকুছি আৰক্ষী মুৰ্দাবাদ,প্ৰাণজিৎ-অভিজিৎ হত্যাৰ ন্যায় লাগে,প্ৰাণজিৎ-অভিজিৎ হত্যাৰ উচিত তদন্ত কৰক আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰাৰ লগতে শুৱালকুছি আৰক্ষী থানা চৌহদতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে যোৱা ২৫ ছেপ্তেম্বৰৰ নিশা কোনো দুৰ্বৃত্তই পেছাত মিস্ত্ৰী সৰু শ্ৰীহাটীৰ প্ৰাণজিৎ দাস আৰু শুৱালকুছি কাঞ্চন নগৰৰ বাৰ বছৰীয়া কিশোৰ অভিজিত দাসক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায় ।দুৰ্বৃত্তই কিশোৰ অভিজিতক হত্যা কৰি হাতে-ভৰিয়ে বান্ধি কলাজল নৈত পেলাই দিছিল।ইফালে, আৰক্ষীয়ে ঘটনাৰ এদিন পাছতে বংশৰৰ নয়ন দাস নামৰ এজন যুৱকক সোধ-পোছৰ বাবে আটক কৰে যদিও আৰক্ষীয়ে যুৱকজনৰ পৰা কোনো ধৰণৰ তথ্য উলিয়াব পৰা নাই।সম্প্ৰতি যুৱকজনক শুৱালকুছি থানাত মাৰাথন জেৰা কৰি থকা বুলি জানিবলৈ পৰা গৈছে।
- Log in to post comments
- 287 views