দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহেও সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি- পৰি লাগিছে । পিছ পৰি থকা নাই কংগ্ৰেছ দলো।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটীৰ তত্বাৱধানত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলবাৰে আল্লিয়া হৰিমন্দিৰ প্ৰাংগনত দিনৰ ১ বজাত ১৭ নং আল্লিয়া মণ্ডল কংগ্ৰেছ কমিটীৰ "বুথলৈ যাও আহক" শীৰ্ষক অভিযান অনুষ্ঠিত কৰা হয় । নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামচুল আলমে আঁঁত ধৰা , দিলীপ দাসে উদ্দেশ্য ব্যাখ্যা কৰা আৰু জয়ন্ত দাসে সভাপতিত্ব কৰা দলীয় সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞা,নলবাৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ , বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ভূৱনেশ্বৰ কলিতা , বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছ সভাপতি ওচমান আলী , ইয়ং ব্ৰীগ্ৰেড নলবাৰী জিলা কমিটীৰ সাধাৰণ সম্পাদক প্ৰতুল হক চৌধুৰী , ইয়ং ব্ৰীগ্ৰেড বড়িগোগ বনভাগ ব্লক সভাপতি ইংকু পাটোৱাৰীৰ লগতে কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ-কনিষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে । উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদুৎ কুমাৰ ভূঞাই কয় যে এছআই নিযুক্তি কেলেংকাৰীত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল প্ৰত্যক্ষভাৱে জড়িত । যিহেতু গৃহ বিভাগৰ তত্বাৱধানত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু স্বয়ং মুখ্যমন্ত্ৰী সোণোৱাল গৃহ বিভাগৰ দায়িত্বত আছে, সেইবাবে পদত্যাগৰ আহ্বান জনায় কংগ্ৰেছ নেতা ভূঞাই ।সভাত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাই ভাষণত পৰিৱৰ্ত্তনৰ শ্লোগানেৰে অহা বিজেপিৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক ক্ষুৰধাৰ সমলোচনা কৰি কয় যে বিজেপিৰ কথা আৰু কামৰ মূল্য নাই,২০২১ চনত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে।
- Log in to post comments
- 27 views