হাজোৰ মনাহকুছিত ২৫ টা অবৈধ ৰন্ধন গেছ চিলিণ্ডাৰ জব্দ

Cylinders

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ  জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মনাহকুছিত দেওবাৰে অবৈধভাৱে ব্যৱসায় চলাই থকা ২৪ টাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ কামৰূপ জিলা যোগান বিভাগে জব্দ কৰে।জানিব পৰা মতে,দীৰ্ঘদিন ধৰি অঞ্চলটোত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ অবৈধভাৱে ব্যৱসায় চলাই থকা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে স্থানীয় ৰাইজে কামৰূপৰ যোগান বিভাগক অভিযোগ দাখিল কৰে।ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে কামৰূপৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক মতিউৰ ৰহমানৰ নেতৃত্বত যোৱা এটা দলে হাজোৰ মনাহকুছি অঞ্চলত অতৰ্কিতে অভিযান চলাই লটিফ আলীৰ পৰা ১২ টা,গোপাল মালাকাৰৰ পৰা ৮ টা আৰু জমছেদ আলীৰ পৰা ৫ টা সৰ্বমুঠ ২৫ টা ইণ্ডেন আৰু ভাৰত গেছৰ ছিলিণ্ডাৰ জব্দ কৰি লৈ যায়।বিভাগীয় সূত্ৰে জনোৱা মতে,ইতিমধ্যে পানীটেমাত থকা সোণাৰাম ইণ্ডেন গেছ এজেঞ্চি আৰু দদৰাত থকা এল এম পি ভাৰত গেছ এজেঞ্চিৰ লগতে জিলাখনৰ অন্যান্য প্ৰান্তৰৰ গেছ এজেঞ্চিসমূহকো অবৈধ ৰন্ধন গেছৰ ব্যৱসায়ীক গেছ যোগান নধৰিবলৈ সকিয়াই দিয়াৰ পিছতো ৰন্ধন গেছৰ ছিলিণ্ডাৰ ক'লা বজাৰত বিক্ৰী হৈ আছে।বিভাগীয় সূত্ৰত জনোৱা মতে,অবৈধভাৱে চলাই থকা ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ ব্যৱহাৰৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Your Comments