দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বড়িগোগ বনভাগ (ঘগ্ৰাপাৰ) মণ্ডল বিজেপিৰ অধীনষ্ঠ ১০২ টা বুথত দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' অনুষ্ঠানৰ লগত সংগতি ৰাখি একোখনকৈ সাংগঠনিক কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। দেওবাৰে এই প্ৰতিখন প্ৰধানমন্ত্ৰী মোডীৰ 'মন কী বাত'ৰ উপলক্ষৰ কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা যায়।এই উপলক্ষে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত উক্ত মন কি বাত অনুষ্ঠানত পৃথকে পৃথকে উপস্থিত থাকে মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে বিজয় বৰ্মন আৰু মনোজ ডেকা,সম্পাদক শ্যামন্ত শৰ্মা,মৃগেন শৰ্মা,বুবুল দাস,কনক ভৰালী,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী,মন কি বাত অনুষ্ঠানৰ আহ্বয়কসকল,শক্তি কেন্দ্ৰৰ আহ্বায়কসকলৰ লগতে পঞ্চায়ত প্ৰতিনিধি,মহিলা মৰ্চা,যুৱ মৰ্চা আদিয়ে।
মাজৰবড়ি বুথত বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই অংশগ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ সন্দৰ্ভত বিতংভাৱে মন্তব্য আগবঢ়োৱাৰ লগতে সাংঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে বিজেপিৰ কাৰ্যকতাসকলক আহ্বান জনায়।ইফালে,এই অনুষ্ঠানৰ মাজতে একাংশ বুথত চৰকাৰী আঁচনিৰ বাবে হিতাধীকাৰীৰ মাজত প্ৰ-পত্ৰ বিতৰণ কৰে।
- Log in to post comments
- 17 views