শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰত অসমৰ প্ৰথম ডক্টৰেট,ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম সাহিত্য সভাৰ ১৯৪০ চনৰ যোৰহাট অধিবেশনৰ সভাপতি ড° ময়িদুল ইছলাম বড়াৰ ওপজা দিন পালন কৰা হয়।
মঙলবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ উজ্জ্বল দত্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত ওপজা দিন উদযাপন অনুষ্ঠানত ড° ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে লিখক মাজিদুৰ ৰহমান আৰু শিক্ষাবিদ মুকুল নাথে।
কণমানি চামৰিনা চাদ্দিকে ড° ময়িদুল ইছলাম বড়া ৰচিত এটি কবিতা পাঠ কৰাৰ পিছতে ওপজা দিনৰ কাৰ্যসূচীৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড° প্ৰশান্ত কুমাৰ চুতীয়াই।
শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই আঁঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে "বাহাৰিষ্টান ই গায়েবী"ৰ দৰে পাৰ্চী ভাষাৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়োৱা ড° ময়িদুল ইছলাম বড়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে।লগতে বৰ্তমান পৰিস্থিতিত ড° ময়িদুল ইছলাম বড়াৰ চিন্তাধাৰা অতি প্ৰাসংগিক হৈ পৰিছে বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানত লেখক-সমালোচক চামচুল বাৰিক,চফিকুৰ ৰহমানকে ধৰি যথেষ্টসংখ্যক লোক উপস্থিত থাকে।
- Log in to post comments
- 30 views