দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী কভিড ১৯ত আক্ৰান্ত।বিধায়ক শৰ্মাই জানিবলৈ দিয়া মতে তেওঁ যোৱা ৰাতিৰ পৰা অলপ অসুস্থ অনুভৱ কৰাত আজি ক'ৰ'না পৰীক্ষা কৰোৱাত বিধায়কগৰাকীৰ লগতে তেওঁৰ সহধৰ্মিনীৰ ফলাফল পজিটিভ ওলায়।লগতে, বিধায়কগৰাকীয়ে ক'ভিড ১৯ৰ চিকিৎসা অনুসৰি তেওঁ সমষ্টিবাসী ৰাইজৰ সেৱা কৰাৰ পৰা কিছুদিন বিৰত থাকিব লাগিব বুলি সদৰি কৰে।ইফালে,বিধায়কগৰাকী সোনকালে সুস্থ হৈ যাতে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিবলৈ পাৰে, তাৰ বাবে বিভিন্নজনে বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।উল্লেখযোগ্য যে শুকুৰবাৰে নলবাৰীৰ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বিধায়ক অশোক শৰ্মাই অংশগ্ৰহণ কৰিছিল।য'ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা,ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাকে ধৰি প্ৰায় শতাধিক বিজেপিৰ কৰ্মী উপস্থিত আছিল।
- Log in to post comments
- 14 views