বাৰাংহাটী(চকিৰবড়ী)ত চিটিজেনচ ফাউণ্ডেচনৰ উদ্যোগত কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি

Baharghat

নৰেন শৰ্মা,বাহাৰঘাট:

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী (চকিৰবড়ী)ত এইছডিএফচি বেংকৰ অনুদানেৰে চিটিজেনচ ফাউণ্ডেচন দিহিনা শাখাৰ উদ্যোগত সৃষ্টিশীল যুৱক সংঘত এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়৷কেন্দ্ৰটো উদ্বোধন কৰে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কামৰূপ জিলা সমিতিৰ অধ্যক্ষ বাপুকণ আলীয়ে৷কেন্দ্ৰ উদ্বোধন কৰি আলীয়ে কয় যে আধুনিক জগতৰ লগত খোজ মিলাবলৈ হ’লে কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে আৰু ঘৰত বহিয়ে আমি গোটেই পৃথিৱীৰ বিষয়ে জানিবলৈ হ’লে কম্পিউটাৰ শিক্ষা আমাক অতিকৈ প্ৰয়োজন৷অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতুল কলিতাৰ সভাপতিত্বত দিনৰ বাৰ বজাত সৃষ্টিশীল যুৱক সংঘৰ বাকৰিত অনুষ্ঠিত হোৱা সভাখনত পঃবঃআঞ্চলিক জুনিয়ৰ কলেজৰ প্ৰৱক্তা ভবেশ চন্দ্ৰ বৈশ্য,সাংবাদিক নৰেন শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক নাউধন ডেকা,সমাজসেৱক ভৱেন ডেকা আদিয়ে বক্তব্য প্ৰদান কৰে।সভাৰ উদ্দেশ্য ব্যখ্যা কৰাৰ লগতে আঁঁত ধৰে সংঘৰ সভাপতি বাবুল কলিতাই৷অনুষ্ঠানত এইছডিএফচি বেংক পৰিৱৰ্তনৰ সমন্বয়ক জনী কান্দুলা,চিটিজেন ফাউণ্ডেচনৰ জীৱন কলিতা,কৃষ্ণকান্ত হাজৰিকা,মৃনাল চৌধুৰী,প্ৰনীতা বৰ্মন আৰু মাধৱ চন্দ্ৰ দাস উপস্থিত থাকে৷সভাৰ শেষত সংঘৰ সম্পাদক নৱজ্যোতি কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

Your Comments