হাজোত ক'ৰ'নাৰ প্ৰটোকল নামানি আধাৰ কাৰ্ডৰ নামত দীঘলীয়া শাৰী          

Hajo

হাজোৰ পৰা কমলাকান্ত দাস: 

ৰাজ্য চৰকাৰে ঘোষনা কৰা বিভিন্ন আঁঁচনিৰ সুবিধা গ্ৰহণাৰ্থে হিতাধিকাৰীৰ বাবে অতি প্ৰয়োজন হৈ পৰিছে আধাৰ কাৰ্ড।তেনে সময়ত হাজো বিধানসভা সমষ্টিত মাত্ৰ কেইটামান আধাৰ কেন্দ্ৰহে অনুমোদন কৰিছে। সমষ্টিটোৰ বিশখনকৈ গাঁঁও পঞ্চায়তৰ বিপৰীতে আধাৰ কেন্দ্ৰ অনুমোদন নকৰি হাজো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদতকে ধৰি মাত্ৰ প্ৰায় তিনিটামানহে আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম চলি আছে।যাৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ ৰাইজে আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়াত পৰিছে। প্ৰখৰ ৰ'দ- বৰষুুণক নেওচি সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজে পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত মহামাৰী ক'ৰ'নাৰ প্ৰটোকল নামানি শাৰী পাতি থকা পৰিলক্ষিত হৈছে। দিনৰ দিনটো ভোকে-পিয়াহে শাৰী পাতি আধাৰ কাৰ্ডৰ নামত জীয়াতু ভোগা ৰাইজে অতি শীঘ্ৰে হাজো বিধানসভা সমষ্টিৰ প্ৰতিটো গাঁঁও পঞ্চায়তৰ বিপৰীতে একোটাকৈ আধাৰ কেন্দ্ৰৰ  অনুুমোদ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

Your Comments