শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত তিনিখন গ্ৰন্থ উন্মোচন

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন সভাত 'অসমীয়া সাহিত্যৰ সোণকাঠি' ,'আহোম যুগৰ স্থাপত্য কলা দ'ল - দেৱালয়' আৰু 'ভিন্নধৰ্মী নিৱন্ধ' নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে।শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ পৰিচালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত উৎপল কুমাৰ ভৰালীয়ে ৰচনা কৰা 'অসমীয়া সাহিত্যৰ সোণকাঠি'ৰ শুভ উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ডঃ প্ৰশান্ত কুমাৰ চুতীয়াই। গ্ৰন্থ উন্মোচনী ভাষণত ডঃ প্ৰশান্ত কুমাৰ চুতীয়াই 'অসমীয়া সাহিত্যৰ সোণকাঠি' গ্ৰন্থখনৰ পৰা ছাত্ৰ-ছাত্ৰীসকল অধিক উপকৃত হ'ব বুলি উল্লেখ কৰে। দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কুমাৰ গগৈয়ে ৰচনা কৰা 'ভিন্ন ধৰ্মী নিৱন্ধ'ৰ শুভ উন্মোচন কৰে জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই।ভাষণ প্ৰসংগত প্ৰদীপ হাজৰিকাই কয় যে গ্ৰন্থখনৰ লেখক গিৰীন্দ্ৰ কুমাৰ গগৈয়ে লকডাউনৰ সময়খিনিৰ সদব্যৱহাৰ কৰিলে।তেওঁ এগৰাকী ভাল খেতিয়ক,সচেতন ব্যক্তি।ভৱিষ্যতৰ দিনত গিৰীন্দ্ৰ নাথ গগৈয়ে ছাত্র-ছাত্ৰী উপকৃত হ'ব পৰাকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰিব।আনহাতে, গিৰীন্দ্ৰ নাথ গগৈ আৰু ৰেখামণি বড়াই যুটীয়াভাৱে ৰচনা কৰা 'আহোম যুগৰ স্থাপত্য কলা দ'ল-দেৱালয়'ৰ শুভ উন্মোচন কৰে চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দিব্য ৰাজখোৱাই।গ্ৰন্থ উন্মোচনী ভাষণত ডঃ দিব্য ৰাজখোৱাই কয় যে দুয়োগৰাকী লেখক বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী।তেওঁলোকে বিজ্ঞানসন্মত এখন গ্ৰন্থ ৰচনা কৰি আমাৰ হাতত তুলি দিয়া কাৰ্য শলাগিবলগীয়া। লগতে ৰাজখোৱাই কয় যে বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিবলৈ লেখকে অধিক পৰিশ্ৰম কৰিবলগীয়া হয়।শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাখনত সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষা বিভাগৰ পৰিদৰ্শক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ মুখপত্ৰ 'চিন্তাজ্যোতি'ৰ সম্পাদিকা ৰেখামণি বড়াই।আৰম্ভণিতে ভৱ ভৰালীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ শিক্ষক দিগন্ত দত্তই। অনুষ্ঠানত শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হেমাংগ ৰঞ্জন চুতীয়া, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক জীৱমণি নাথ , শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈ, চিত্ৰশিল্পী আজানুৰ ৰহমান , শিক্ষা বিভাগৰ চি আৰ চি চি দিগন্ত গগৈ ( কনিষ্ঠ ), সাংবাদিক ৰঞ্জিত বড়াক উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত প্ৰিয়ম নন্দিনী ভৰালী,জিতেন সন্দিকৈ আৰু অপৰাজিতা দাসে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

Your Comments