বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মণিকা ভৰালীক নিযুক্তি

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডলৰ মহিলা মৰ্চাৰ নতুন সভানেত্ৰী হিচাপে মণিকা ভৰালীক বৃহস্পতিবাৰে মহিলা মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভানেত্ৰীয়ে নিযুক্তি দিয়াত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত বিভিন্ন কোষৰ বিজেপিৰ কৰ্মীসকল উৎসাহিত হৈ পৰিছে। পূৰ্বতে উক্ত সমিতিৰ সাধাৰণ সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও বৰ্তমান ভৰালীয়ে পূব-বনভাগ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দলটোৰ  নিষ্ঠাবান কৰ্মীগৰাকীক  বৃহস্পতিবাৰে উক্ত পদবীত নিযুক্তি দিয়ে। নেত্ৰীগৰাকীয়ে এই নিযুক্তি লাভ কৰাত  বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, সাংসদ দিলীপ শইকীয়া,নলবাৰী বিধায়ক অশোক শৰ্মা,বড়িগোগ বনভাগ     মণ্ডল বিজেপি সমিতি আদিয়ে শুভেচ্ছা জ্ঞাপন কৰে।নিয়ুক্তি লাভ কৰি মণিকা ভৰালীয়ে দলৰ সকলো দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব বুলি সদৰি কৰাৰ লগতে তেওঁ মহিলা সবলীকীকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলিও উল্লেখ কৰে।ইফালে শুকুৰবাৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সঞ্চালনা কৰা এখন সভাত  সদ‍্য নিযুক্তিপ্ৰাপ্ত মণিকা ভৰালী আৰু এছ টি মৰ্চাৰ নৱ-নিযুক্ত সভাপতি কমলেশ্বৰ বড়োক সম্বৰ্ধনা জনায়।সভাৰ আঁত ধৰে  মণ্ডল বিজেপিৰ  সাধাৰণ সম্পাদক মনোজ ডেকাই।উক্ত অনুষ্ঠিনত প্ৰায় শতাধিক দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

Your Comments