শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে শুকুৰবাৰে জিলাখনত তৃতীয় বাৰ্ষিক পুষ্টি মাহৰ উদ্বোধন কৰে।শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ক'ভিড-১৯ সংক্ৰান্তীয় সম্পূৰ্ণ স্বাস্থ্যবিধি পালন কৰি আয়োজন কৰা এই অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি কয় যে, শিশুসকলৰ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰিব লাগিব। তেওঁ সংশ্লিষ্ট সকলোকে ক'ভিড-১৯ ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সাম্ভাব্য গণ-সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সমূহ পালন কৰি ৰাষ্ট্ৰীয় পুষ্টি মাহৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰি জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ আহ্বান জনায়। তেওঁ ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ব্যাপক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শ্যামন্ত মাধৱ শৰ্মাই প্ৰসূতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ মুখ্য কাৰক ৰক্তহীনতা তথা পুষ্টিহীনতা বুলি উল্লেখ কৰে। তেওঁ মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আহ্বান জনায়। সুষম আহাৰৰ বিষয়ে পৰিয়াল আৰু সমাজ সচেতন হোৱাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ সন্দিকৈয়ে কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা ৰাষ্ট্ৰীয় পুষ্টিমাহ উপলক্ষে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে এক চমু আভাস দাঙি ধৰে। তেওঁ অংগনৱাদী কেন্দ্র সমূহত পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰাৰ বিষয়ে ৪০ গৰাকী অংগনৱাদী কৰ্মী-সহায়িকাক অহা ১৭ ছেপ্টেম্বৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে।
অনুষ্ঠানত সহযোগী বিভাগ সমূহৰ লগত ৰাষ্ট্ৰীয় পুষ্টিমাহ উদযাপনৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এক সমকেন্দ্ৰিক সভাও অনুষ্ঠিত হয়।
জিলা সমাজ কল্যান বিষয়া দীপালি দেবীয়ে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টিমাহ উপলক্ষে পালন কৰিবলগীয়া কাৰ্যসূচী সমূহৰ বিষয়ে এক চমু অৱলোকন দাঙি ধৰে।
- Log in to post comments
- 15 views