হাজোৰ দমদমাত ভয়াৱহ অগ্নিকাণ্ডঃছখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

Damdama Fire

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা-কুলহাটী বজাৰ চ'কত শুকুৰবাৰৰ নিশা ভয়াৱহ অগ্নিকাণ্ড।এই অগ্নিকাণ্ডত ছখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে প্ৰায় ডেৰ কোটি টকা মূল্যৰ সা-সম্পত্তি জুইত জাহ যায়।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,শুকুৰবাৰৰ নিশা প্ৰায় দহ বজাত দমদমা-কুলহাটী বজাৰ চ'কস্থিত তৃষ্ণা চাহ হোটেলত দাউ-দাউকৈ জুই জ্বলি থকা প্ৰত্যক্ষ কৰে হোটেলখনৰ দুই কৰ্মচাৰীয়ে আৰু চিঞৰ- বাখৰ লগায়।ততালিকে ওচৰ-চুবুৰীয়া আহি যিয়ে যেনেকৈ পাৰে জুই নিৰ্বাপিত কৰিবলৈ  চেষ্টা চলাই যদিও তেনে সময়তে তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিষ্ফোৰণ হোৱাৰ ফলত ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক জুইৰ লেলিহান শিখাই আৱৰি ধৰে।তেনে সময়তে হাজো অগ্নিনিৰ্ব্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায় যদিও অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিমু,উত্তৰ গুৱাহাটী,শুৱালকুছিৰ পৰা অহা অগ্নিনিৰ্ব্বাপক বাহিনীৰ সহযোগত প্ৰায় তিনি ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।এই অগ্নিকাণ্ডত সমীন কলিতাৰ তৃষ্ণা হোটেল,দ্বিজেন কলিতাৰ ভাইটী পাণ কৰ্ণাৰ,ৰমেন দাসৰ মা ৰোহিণী এণ্টাৰপ্ৰাইজ,মিণ্টুৰ এইচ এম এণ্টাৰপ্ৰাইজ,গকুল লহকৰৰ পাণ কৰ্ণাৰ,ৰঘু লহকৰৰ 'হোটেল পদক্ষেপ' ভষ্মীভূত হয়।এই অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নগদ ধনসহ সা-সামগ্ৰী জুইত জাহ যায়।ইফালে, অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে বিধায়িকা সুমন হৰিপ্ৰিয়া,হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰা ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়।

Your Comments