ঘগ্ৰাপাৰৰ আল্লিয়া গাঁও পঞ্চায়তত ৮ টা উন্নয়নমূূলক কামৰ শুভাৰম্ভণি বিধায়ক অশোক শৰ্মাৰ

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ‍্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলৈয়ে গ্ৰাম্য উন্নয়নৰ বাবে পঞ্চায়তৰ অভিলাষী আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ সময়তে বৃহস্পতিবাৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ ব্লকৰ ১৭ নং আল্লিয়া গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে নিৰ্মান হ'ব লগীয়া আঠটাকৈ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে।পঞ্চায়তখনৰ অন্তৰ্গত মাধাপুৰ,অৰৰা,নাৰায়ণগাঁও,বনগাঁও,বৰকুছি আদি ঠাইত এই আঁচনিৰ অধীনত মন্দিৰ, সভাঘৰ,চাৰিবেৰ নিৰ্মাণ,পথ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰ হয়।এই উদ্দেশ্যৰে আজি মাধাপুৰত অনুষ্ঠিত এখন সভাত    বিধায়কগৰাকীয়ে আঁচনিৰ কামত যাতে কোনো দুৰ্নীতি নহয়,তাৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক  নিজৰ  ভাষণ প্ৰসংগত কঠোৰ নিৰ্দেশ দিয়ে।লগতে বিধায়ক শৰ্মাই ভাষণত কয় যে বিগত চাৰে চাৰিবছৰত বিজেপিয়ে ৰাইজৰ বাবে যিমান উন্নয়নমুলক কাম কৰিলে,কংগ্ৰেছে ১৫ বছৰীয়া শাসনতো একো কৰা নাছিল।আজি এই কাৰ্য্যসূচীত বিধায়কক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদিকা পদ্মা ৰামচিয়াৰী, ১৮/৪ আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি হিতেশ ব্ৰহ্ম, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মন,আল্লিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী,সচিব দিলীপ কলিতা,কনিষ্ঠ অভিযন্তা কৰুণা হালৈ,ভালেসংখ্যক বিজেপি কাৰ্যকৰ্তাৰ লগতে ৰাইজ।

Your Comments